সৰুপথাৰত মুখ্যমন্ত্ৰীৰ ওচৰত উচুপি কন্দা প্ৰিয়ংকাৰ কৰুণ কাহিনী
নিয়মীয়া বাৰ্তা সৰুপথাৰ ১৭ ফেব্ৰুৱাৰী: বিজেপিৰ গাঁও চলো অভিযানৰ অংশস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অসমৰ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত ১৪ ফেব্ৰুৱাৰীৰ নিশা ভাস্কৰ শ্যামৰ চাংঘৰত প্ৰবাস কৰে। ১৫ ফেব্ৰুৱাৰীৰ পুৱা ৰজাপুখুৰী শ্যাম গাৱৰ একমাত্র শিক্ষানুষ্ঠান অংচা জিলদৈ শ্যাম হাই স্কুলৰ ছাত্র-ছাত্ৰীৰ সৈতে স্কুলৰ সন্মুখত যাত্রা পথত মতবিনিময় কৰে মুখ্যমন্ত্রী ড০ শৰ্মাই। মুখ্যমন্ত্রীগৰাকীক কাষতে পাই মামা I Love You.. মামা I Love শব্দৰে মুখৰিত হৈছিল ৰজাপুখুৰী শ্যাম গাঁৱৰ অংচা জিলদৈ শ্যাম হাইস্কুলৰ আকাশ বতাহ। মুখ্যমন্ত্ৰীগৰাকীক কাষতে পাই বিদ্যালয়খনৰ ছাত্র ছাত্ৰীসকলৰ সীমাহীন আনন্দ উল্লাসৰ মাজতে কিন্তু এগৰাকী ছাত্ৰীয়ে কান্দি কান্দি সাৱটি ধৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। কান্দোনত ভাগি পৰা ছাত্ৰীগৰাকীয়ে সেই মুহূৰ্তত একো ক’ব পৰা নাছিল মুখ্যমন্ত্ৰীক। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে জানিব বিচাৰিছিল কিয় কান্দিছিল ছাত্ৰীগৰাকীয়ে। সেইয়ে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল আমাৰ সাংবাদিক। হয় মুখ্যমন্ত্ৰীৰ সন্মুখত কান্দোনত ভাগি পৰা ছাত্ৰীগৰাকী আছিল প্ৰিয়ংকা বড়ো। বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী। সৰুৰে পৰা পিতৃ মাতৃৰ কাষৰ পৰা আতৰি থকা প্ৰিয়ংকাৰ জীৱন অত্যন্ত দুখৰ। মদাহী পিতৃ জিতুল বড়োৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৫/৬ বছৰ আগতেই প্ৰিয়ংকাক সম্পৰ্কীয় লোকৰ ঘৰত থৈ মাতৃ জয়ন্তী বড়ো আৰু জেষ্ঠ ভগ্নী সন্ধ্যাৰাণী বড়ো কৰ্মৰ সন্ধানত গৈছিল কেৰেলালৈ। তাতেই সৰুপথাৰৰ ৰজাপুখুৰী দিলজান গাঁৱৰ ইছমাইল বাংকিৰা নামৰ এজন যুৱকৰ লগত বিয়া হয় সন্ধাৰাণী। ইয়াৰ পিছত মাতৃক লৈ দুৱছৰৰ পূৰ্বে ঘুৰি আহিল সৰুপথাৰৰ নিজ গাওঁ লাংথালৈ। কিন্তু ইয়াৰ মাজতে মদাহী পিতৃয়ে ঘৰৰ ভেটি- মাটি সকলো বিক্ৰী কৰি গুচি গ’ল ডিমাপুৰলৈ। উপায়ান্তৰ হৈ মাতৃ আৰু কণমানি প্ৰিয়ংকাক জোঁৱায়েক ইছমাইল বাংকিৰাই দিলজানস্থিত নিজ গৃহলৈ লৈ আহিল। কিছুদিন জোঁৱায়েকৰ ঘৰত থকাৰ পিছত মাতৃ জয়ন্তী পুনৰ ঘুৰি গল কেৰেলালৈ। মাতৃ যোৱাৰ পিছতেই অসহায় হৈ পৰিল কণমানি প্ৰিয়ংকা। বৰ্তমান ভিনিহীয়েকৰ ঘৰতেই থাকি পঢ়া শুনা কৰি থকা প্ৰিয়ংকাই মাতৃৰ কাষতেই সদায় থাকিব বিচাৰে। কিন্তু মাতৃ কণ্যা থাকিবলৈ নাই ঘৰ নাই মাটি। সেইয়ে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান প্ৰিয়ংকাৰ। মাতৃৰ সৈতে একেলগে থকাৰ ব্যৱস্থা কৰি দিয়ক মুখ্যমন্ত্ৰীয়ে। ভিনীহিয়েকৰ অকলশৰীয়া উপাৰ্জনৰে ৬/৭ জন লোকৰ ভৰণ পোষণ কেনেকৈ দিব। মাতৃক কাষত পোৱা আৰু স্থায়ী বাসস্থানৰ চিন্তাই দহিছে প্ৰিয়ংকা বড়োক।
প্ৰেৰক মাখমুদ আলী