আৰিয়াৰ ৱেব চিৰিজত অভিনয় কৰা সৌন্দৰিয়াৰ অসমৰ লগত কি সম্পৰ্ক
আৰিয়াত অভিনয় কৰা অসমৰ জীয়াৰী সৌন্দিৰিয়া বিষয়ে জানো আহক
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ আৰিয়া হটষ্টাৰত উপলব্ধ অপৰাধ মূলক বেৱ চিৰিজ। য’ত প্ৰাক্তন বিশ্ব সুন্দৰী সুস্মিতা সেন পুনৰ অভিনয় জগতলৈ উভতি আহিছে। সুস্মিতা সেনৰ অভিনয় সকলোতে চৰ্চিত হৈছে। কিন্তু আৰিয়াত অসমৰ জীয়াৰীয়েও অভিনয় কৰিছে। হয়তো বহু লোকে এই কথা অৱগত নহয়। আৰিয়াত সুস্মিতা সেনৰ সৰু ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ প্ৰিয়াসা ভৰদ্বাজে।
প্ৰিয়াসা ভৰদ্বাজ গুৱাহাটী মহানগৰীত জন্ম আৰু শিক্ষা গ্ৰহণ কৰে মহানগৰীৰে ছেইণ্ট মেৰীজ স্কুলত। তাৰ পিছত স্কুলীয়া শিক্ষা সমাপ্ত কৰে নতুন দিল্লীৰ সংস্কৃতি স্কুলত। দিল্লীৰ বিশ্ব বিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। প্ৰিয়াসা ভাৰত নাট্য়মতো পাৰদৰ্শিতা আগবঢ়াইছে। সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি আগ্ৰহ আছিল প্ৰিয়াসাৰ। এই আগ্ৰহৰ ফলতে প্ৰিয়াসা মুম্বাইত প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে।
নিউজ লাইভৰ ৱেব ডেস্কৰ সপ্তদীপা ভট্টাচাৰ্যীৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তাত প্ৰিয়াসাই কয় যে নৃত্য মোৰ চখ হিচাপে কলা প্ৰদৰ্শন কৰা দিশত আগবঢ়াই লৈ গৈছে।
প্ৰিয়াসাই কয় যে কলেজৰ দিনত প্ৰথম মডেলিঙৰ কাম ড’ভ আৰু লগতে ড’ভ ফেমিনা কেলেণ্ডাৰ কেম্পইন য’ত থ্ৰীম আছিল ‘ধুনীয়া চুলি আৰু ধুনীয়া তুমি’ ২০০৯ চনত। ই আজিও মোক অতীতৰ কথা মনত পেলাই দিয়ে যে মই প্ৰথম শ্বুটিং কৰিছিলো আৰু মোৰ চেহেৰাটো ৰাইজে ভাল পাইছিল।
আৰিয়াত অভিনয়ত সন্দৰ্ভত প্ৰিয়াসাই কয় যে আৰিয়াৰ কাৰণে অডিচন দিয়া হৈছিল। কাষ্টিং ডাইৰেক্টৰ অভিমুন্য ৰয়ৰ সৈতে ইয়াৰ আগতেও মই বহু ধৰণৰ কাম কৰিছো। তেওঁ আৰিয়া কাৰণে মোক অডিচন দিয়াৰ কাৰণে সহায় কৰিছিল। বহু দিনৰ পিছত ৰয়ে মোক জনালে যে মই সৌন্দৰিয়া চৰিত্ৰত খাপ খাইছো আৰু এইদৰে মই আৰিয়াত প্ৰৱেশ কৰিলো।
আৰিয়াত সুস্মিতা সেনৰ লগত কৰা অভিনয়ৰ সন্দৰ্ভত কয় যে সৰুৰ পৰাই সুস্মিতা সেনক ভাল পাইছিলো। মই বহুত তেওঁৰ প্ৰশংসা কৰিছিলো। মই তেওঁৰ দৰে হবলৈ চেষ্টা কৰিছিলো। তেওঁ মোৰ কাৰণে প্ৰেৰণা। সৰুতে মই তেওঁৰ দৰে দেখা আৰু অভিনয় কৰিবলৈ যত্ন কৰিছিলো। আৰু অৱশেষত সৰুৰে পৰা যিটো সপোন দেখিছিলো আৰিয়াৰ জৰিয়তে সেই সপোনটো সাৰ্থক হল।
প্ৰিয়াসাই আৰু লগতে কয় যে সৌন্দৰিয়াৰ হিচাপে মোক নিশ্চিত ভাৱে অভিনেত্ৰী ৰূপে বিকশিত কৰাত সহায় কৰিলে। আৰু লগতে মোক অধিক প্ৰেছাদাৰী কৰি তুলিলে। এই চৰিত্ৰটোৱে মোক বহু কথাই শিকালে। মই ছেটত সকলোতকৈ নতুন আছিলো। আনকি বাল্য অভিনেতা সকলো মোৰ তুলনাত বেছি অভিনয় কৰিছে। মই যেতিয়া শ্বুটিংত গৈছিলো সৌন্দৰিয়া হৈ আৰিয়াৰ সৰু ভগ্নী আৰু বব উইলচনৰ সৈতে বিবাহ হৈছিল। যেতিয়াই মই শ্বুটিংত গৈছিলো তেতিয়াই মই সৌন্দৰিয়াৰ চৰিত্ৰতে সোমাই পৰিছিলো।
আনহাতে অভিনেত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে আমাজন প্ৰাইমত মিৰ্জাপুৰ-২ত এটা ভিন্ন চৰিত্ৰত প্ৰিয়াসাক দেখিবলৈ পাব।
ভৱিষ্যত পৰিকল্পানৰ কথা প্ৰিয়াসাই কয় যে তেওঁ অভিনয় কৰি যাব বিচাৰে আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰিব বিচাৰে। তেওঁ বহুত ধৰণৰ পৰিচালকৰ লগত অভিনয় কৰিব বিচাৰে যাৰ ভিতৰত বিশাল ভৰদ্বাজ, সঞ্জয় লীলা ভাঞ্চালী, মীৰা নায়াৰ, জয়া আখতাৰ। লগতে গুৰুত্বপূৰ্ণ কথা এই যে মোৰ মাতৃয়ে মোৰ ওপৰত গৰ্ব কৰাটো বিচাৰো। লগতে মই আশা কৰো যে তেওঁ মোক লৈ গৰ্ব কৰিছে কাৰণ সৌন্দৰিয়া ভূমিকাৰ কাৰণে মোক ৰাইজে যথেষ্ট মৰম দিছে।