নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাংহিনত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল

বিশেষ বাৰ্তা, ২৪ জুন : আজিও অব্যাহত আছে দুধনৈত সংঘটিত জঘন্য ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ লাংহিনতো ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। সোমবাৰে সন্ধিয়া জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে “ধৰ্ষণকাৰীক ফাঁচি দিয়ক”, “জনজাতিৰ ওপৰত অত্যাচাৰ নচলিব”, “উই ৱান্ট জাষ্টিচ” শ্ল’গানেৰে প্লে কাৰ্ড হাতে হাতে লৈ দুধনৈৰ দুগৰাকী কনমাণিক ধৰ্ষণ আৰু পৰৱৰ্তী সময়ত হিৰন্ময় খাখলাৰীক বৰ্বৰ ভাৱে কৰা হত্যাৰ অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তোলে। উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীৰ উদ্বোধক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্ম, কাৰ্বি আংলং জিলাৰ বড়ো অগ্ৰণী সংগঠনৰ নেতৃবৃন্দই আৰু উপস্থিত আটায়ে অংশগ্ৰহণ কৰি এই কাৰ্যসূচীৰ যোগেদি দুধনৈ কাণ্ডৰ লগত জড়িত দোষীক শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। আজিৰ জোঁৰ সমদল কাৰ্যসূচীৰ আঁত ধৰে সাধাৰণ সম্পাদক খুদুম বসুমতাৰীয়ে।সন্ধিয়া নেৰানেপেৰা বৰষুণৰ মাজতো কাৰ্বি আংলঙৰ লাংহিন নগৰত দুধনৈৰ জঘন্য কাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে লাংহিনৰ আকাশ বতাহ কঁপাই তোলে।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like