নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাবিদ্যালয় চৌহদত অধ্যাপকক আক্ৰমণ উদণ্ড যুৱকৰ দলৰ

🔹 দক্ষিণ শালমাৰা থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোক জোকাৰি যায় ৷ জানিব পৰা মতে, ১০/১৫ জনীয়া উদণ্ড যুৱকৰ দলে কালি মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি অধ্যাপকগৰাকীক আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ ভিডিঅ’ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে ৷ মহাবিদ্যালয়ৰ বাৰাণ্ডাৰ পৰা উদণ্ড যুৱকৰ দলটোৱে অধ্যাপকগৰাকীক টানি খেলপথাৰলৈ নি এনেদৰে আক্ৰমণ কৰে ৷ অধ্যাপকগৰাকী দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ মজিবৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

আক্ৰমণৰ বলি হোৱা অধ্যাপকগৰাকীয়ে ইতিমধ্যে দক্ষিণ শালমাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে । ঘটনাটোক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে, অধ্যাপকগৰাকীক আক্ৰমণ কৰা ঘটনাক লৈ দক্ষিণ শালমাৰা মহাবিদ্যালয়ত অধ্যাপক আৰু কৰ্মচাৰীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনাৰে জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like