নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধ্যাপক ৰমণী বৰ্মনলৈ “জীৱন শিল্পী আদ্য শৰ্মা বঁ‌টা-২০২৪”

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : জীৱন শিল্পী আদ্য শৰ্মাৰ স্মৃতিত প্ৰদান কৰি অহা বঁ‌টা এইবেলি বিশিষ্ট শিক্ষাবিদ, নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অভিনেতা ৰমণী বৰ্মনলৈ আগবঢ়োৱা হ’ব। জীৱন শিল্পী তথা নলবাৰী আৰ্ট স্কুলৰ মহিৰূহ স্বৰূপ গুৰুজী আদ্য শৰ্মাৰ পবিত্ৰ স্মৃতিত নৱম বাৰ্ষিক মৃত্যুদিনটো ২২ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে নলবাৰী আৰ্ট স্কুল প্ৰাংগণত অনুষ্ঠিত হব। এই অনুষ্ঠানতে “জীৱন শিল্পী আদ্য শৰ্মা বঁ‌টা-২০২৪”টি অধ্যাপক ৰমণী বৰ্মনক প্ৰদান কৰা হব বুলি নলবাৰী আৰ্ট স্কুলৰ সম্পাদক ড° শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিছে। এই দিনটোতে “জীৱন শিল্পী দিৱস” হিচাপে অনুষ্ঠিত কৰিবলৈ লোৱা অনুষ্ঠানৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰিব আৰ্ট স্কুলৰ সভাপতি মুকুল গোস্বামীয়ে। ইয়াৰ পিছতেই গুৰুজী আদ্য শৰ্মাৰ আৱক্ষ মূৰ্ত্তিৰ আৰু পূৰ্ণায়ব মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব নলবাৰী আৰ্ট স্কুলৰ কাৰ্যকৰী সভাপতি খচনুৰ আহমেদ, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড° লীনা ডেকা আৰু নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু শিল্পী পেঞ্চনাৰ অলকেশ বৰুৱাই। এই বঁ‌টা প্ৰদান অনুষ্ঠানতে আৰ্ট স্কুলখনৰ তিনিগৰাকী প্ৰাক্তন ছাত্ৰ ক্ৰমে ক’লা নিৰ্দেশক ৰাজীৱ আহমেদ, নৃত্য শিল্পী প্ৰিয়ংকা শৰ্মা আৰু তবলা শিল্পী মনিমুগ্ধ উপনসক সম্বৰ্ধনা জনোৱা হব। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হব। বঁ‌টা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, বিশিষ্ট চিকিৎসক তথা লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী গনেশ তামুলী। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আৰ্ট স্কুলৰ উপদেষ্টা পবিন শৰ্মাই। অনুষ্ঠানত ৰাইজ তথা শুভাকাংক্ষী সকলৰ উপস্থিতি আৰ্ট স্কুলৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like