নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটস্থিত আঞ্চলিক আৰছুৰ কাৰ্যালয় চৌহদত অৱস্থিত আজন্ম শিল্পী ৰাজকন্যা বগেজাৰীৰ আবক্ষ মূৰ্ত্তিৰ আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত বগেজাৰীৰ আবক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে লোক সংস্কৃতিৰ সাধক ভুবিন ৰাভাই ৷ তদুপৰি পুস্পাঞ্জলি আৰু মাল্যাৰ্পণ কৰে কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উপ-সভাপতি অমৃত ৰাভাই৷ নিজ নিজ ভাষণত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে আজন্ম শিল্পীগৰাকীৰ মহামণ্ডিত গৰিমাৰ বিষয়ে আলোকপাত কৰে। আঞ্চলিক ৰাভা সাহিত্য সভাৰ সম্পাদক দেৱজিত ৰাভাই আঁত ধৰা অনুষ্ঠানটিত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অশোক নংবাগ, আঞ্চলিক সাহিত্য সভাৰ সভাপতি গোপীনাথ ৰাভা, আঞ্চলিক আৰছুৰ সভাপতি নেতা সুভাষ চিনালৰ উপৰি কুলদীপ ৰাভা, ৰবিৰাম ৰাভা, হেমন্ত ৰাভা, সত্যজিত ৰাভা, বিচিত্ৰ ৰাভা, ৰাজেশ্বৰ ৰাভাকে ধৰি কেইবাগৰাকীও ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী উপস্থিত আছিল ৷
প্ৰেৰক নুৰুল ইছলাম