নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক কাব্যেন্দ্ৰ চক্ৰৱৰ্তীৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৯ জুনঃ বঙাইগাঁও জিলাৰ বইটামাৰী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক কাব্যেন্দ্ৰ চক্ৰবৰ্তী আৰু নাই। অঞ্চলটোৰ ধনতোলাৰ নানকাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই অৱসৰী প্ৰধান শিক্ষকগৰাকীৰ আজি পুৱা ৭ বজাত চিকিৎসাধীন অৱস্থাত বঙাইগাঁৱৰ ল’ৱাৰ আছাম হাস্পতালত দেহাৱসান ঘটে । শিক্ষাবিদগৰাকী কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা বাবে যোৱা ২০ মে’ৰ পৰা চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল । উল্লেখ্য যে জিলাখনৰ বইটামাৰী অঞ্চলৰ আমগুৰি গাঁৱত ১৯৫০ চনৰ ২৮ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা কাব্যেন্দ্ৰ চক্ৰৱৰ্তীয়ে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৭১ চনৰ ১৩ চেপ্তেম্বৰত অঞ্চলটোৰ ধনতোলাৰ নানকাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । চক্ৰৱৰ্ত্তীয়ে বিদ্যালয়খনত প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি অনগ্ৰসৰ অঞ্চলটোত শিক্ষাৰ এক পৰিৱেশ সৃষ্টি কৰি বিদ্যালয়খনক জিলাখনৰ ভিতৰতে এখন উন্নত বিদ্যালয়ৰূপে পৰিগণিত কৰে । তেখেতৰ নেতৃত্বতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ধাৰাবাহিক ভাল ফলাফল কৰিবলৈ সক্ষম হয় । শিক্ষকতাৰ উৎকৃষ্ট সেৱাৰ বাবে তেখেতে ২০০৬ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰে । শিক্ষকতাৰ সমান্তৰালকৈ ভাষা-সাহিত্যৰ ক্ষেত্ৰতো তেখেতে অনবদ্য অৱদান আগবঢ়ায় । তেখেতে কেইবাখনো গ্ৰন্থ ৰচনা কৰে । তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল- ‘পোহৰৰ পম খেদি’ ( গীতৰ সংকলন ), ‘শিক্ষাদান আৰু গ্ৰহণৰ কৌশল’ (প্ৰবন্ধ সংকলন), ‘ ‘যোগাভ্যাস, প্ৰাণায়াম আৰু নিত্য নৈমিত্তিক কৰ্মৰ চমু আভাষ’ , ‘পঢ়াশালি শিক্ষাৰ লগত আধ্যাত্মিক জ্ঞানৰ অভাৱ’ , ‘শ্ৰদ্ধাৰ প্ৰয়াত ব্যক্তিসকলৰ স্মৃতি ৰোমন্থন’, সুন্দৰ প্ৰকৃতি (কবিতা সংকলন ) । তাদুপৰি তেখেতৰ বিভিন্ন লেখা কাকত-আলোচনীত প্ৰকাশিত হৈছে । চক্ৰৱৰ্ত্তী বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল । নাৰী শিক্ষাৰ পৰিৱেশ ৰচনা কৰাৰ উদ্দেশ্যে উত্তৰ বইটামাৰী ছোৱালী হাইস্কুল প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। অৱসৰ গ্ৰহণৰ পিছত বইটামাৰী ব্ৰিলিয়েণ্ট একাডেমীৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব পালন কৰি বিদ্যালয়খনৰ উত্তৰণ ঘটাইছিল । আনহাতে তেখেতে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল । তাৰোপৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য, অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ উপ-সভাপতি, অসম বিজ্ঞান সমাৰোহ সংস্থাৰ উপ-সভাপতি, বঙাইগাঁও জিলা ব্ৰাহ্মণ সমাজৰ উপ-সভাপতি আদি দায়িত্বও পালন কৰিছিল । শিক্ষা আৰু সাহিত্য জগতত আগবঢ়োৱা অৱদানৰ বাবে অসম ৰাজ্যিক অধিবিদ্যা পৰিষদে ২০১১ চনত তেখেতক গুৰু মহীয়ান উপাধিৰে সন্মানিত কৰিছিল । ইফালে, আজি তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে বঙাইগাঁৱৰ বাসগৃহত অগণন গুণমুগ্ধই ভিৰ কৰে আৰু নশ্বৰ দেহত শ্ৰদ্ধা জ্ঞাপন কৰে । তাৰ পিছত দুপৰীয়া তেখেতৰ নশ্বৰ দেহ বইটামাৰীৰ আমগুৰিৰ জন্মস্থানলৈ অনা হয় আৰু উত্তৰ বইটামাৰী ছোৱালী হাইস্কুল প্ৰাংগণত বিদ্যালয় কৰ্ত্তৃপক্ষ, নৰ্থ বইটামাৰী শাখা সাহিত্য সভা, নৰ্থ বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্ত্তৃপক্ষ, ব্ৰিলিয়েণ্ট একাডেমী পৰিচালনা সমিতি, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থা , বইটামাৰী আঞ্চলিক ব্ৰাহ্মণ সমাজ তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পিছত তেখেতৰ পূৰ্বৰ কৰ্মস্থলী ধনতোলাৰ নানকাৰগাঁও হাইস্কুললৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় আৰু তাত এক আৱেগিক পৰিৱেশত বিদ্যালয়ৰ শিক্ষাগুৰু-শিক্ষাৰ্থী, বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আছু, আক্ৰাছু, আমছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদিয়ে শিক্ষাগুৰুগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
প্ৰেৰক ৰুবুল কান্তি দাস

You might also like