নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, নাট্যকাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যু

🔹 অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক বসন্ত দাসৰ শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু ইহসংসাৰত নাই৷ দেওবাৰে নিচেই পুৱা ৪.৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮৫ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ বিগত কেইবাদিন ধৰি তেওঁ মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ জ্যোতিস্মান নাৰায়ণ দেৱ আৰু অংশুমান নাৰায়ণ দেৱ, ভাতৃ ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু বহু আত্মীয়ক এৰি যায়৷ ১৯৪০ চনৰ ১৩ অক্টোবৰত মঙলদৈৰ হাউলী মোহনপুৰত জন্মলাভ কৰা সমৰেন্দ্ৰ নাৰায়ণ দেৱে ১৯৬৭ চনতেই কলিকতাত চিনেমা নিৰ্মাণৰ প্ৰশিক্ষণ লৈ ১৯৭১ চনত অৰণ্য নামৰ অসমীয়া বোলছবি পৰিচালনা আৰু প্ৰযোজনা কৰি বিশেষ খ্যাতি লাভ কৰিছিল৷ উল্লেখযোগ্য যে অৰণ্য চিনেমাখনে ১৯৭১ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰাষ্ট্ৰপতি পদক লাভ কৰি দৰঙৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ এইখিনিতে এটা কথা উল্লেখো কৰিব লাগিব যে বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন হোৱাৰ এবছৰ আগতেই বন্যপ্ৰাণী সংৰক্ষণৰ মূলমন্ত্ৰৰে অৰণ্য চিনেমাখন নিৰ্মাণ কৰা হৈছিল আৰু এই নিৰ্মাণৰ আঁৰত মঙলদৈৰ এটি পুৰণি ক্লাব ইউনাইটেড ক্লাবৰ বৰঙণি লেখত ল’বলগীয়া৷ ইয়াৰ পিছত ১৯৭৬ চনত পুতলাঘৰ নিৰ্মাণ কৰি ১৯৭৭ চনত এই চিনেমাখনৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰজত কমল বুটলিবলৈ সক্ষম হৈছিল৷ এইদৰে ক্ৰমান্বয়ে ১৯৭৯ চনত সোণৰ হৰিণ, ১৯৮১ চনত ৰাজা আৰু কাজিৰঙাৰ কাহিনী আৰু ২০১৩ চনত বীৰ চিলাৰায় আদিৰ দৰে এখনৰ পিছত আনখন ছবি নিৰ্মাণ কৰিছিল৷ তদুপৰি ১১ খন টেলিফ্লিম ক্ৰমে ডাৱৰ (১৯৮৯), দৰ্পণ (১৯৯৫), নিশিক্ত প্ৰদাহ (১৯৯৮), মোৰ গানৰ সাধু (ইংৰাজী/২০০১), ইন্তেজাৰ (হিন্দী/২০০২), এজাক বৰষুণৰ অপেক্ষাত (২০০২), মা অ’ মেৰি মি (হিন্দী/২০০৩), অমৃতচ্যপুত্ৰ (২০০৩), নয়ী ৰাহ (হিন্দী/২০০৫), মেৰে ৱতন (হিন্দী/২০০৮) আৰু আন্ধাৰত নিজৰ মুখ নিৰ্মাণ কৰিছিল৷ চিনেমাৰ সমান্তৰালকৈ তেওঁ ভিক্ষা, বান্দৰ আৰু জখলা, দ্বিতীয় ৰামায়ণ, ভেঁকো-ভাওনা আদিৰ দৰে কুৰিৰো অধিক নাটক পৰিচালনা কৰিছিল৷ চিনেমা জগতৰ উপৰি প্ৰয়াত শিল্পীগৰাকী এগৰাকী সুদক্ষ খেলুৱৈও আছিল৷ ফুটবলৰ গ’লৰক্ষক হিচাপে তেওঁৰ আছিল আন এক খ্যাতি৷ প্ৰয়াত একনিষ্ঠ শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ হাউলী মোহনপুৰৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ দৰং জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে৷ তদুপৰি মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, প্ৰাক্তন বিধায়ক হিৰেণ দাস, জয়নাথ শৰ্মা, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ, মঙলদৈ মিডিয়া চাৰ্কোল, মঙলদৈ প্ৰেছ ক্লাব, অসম নাট্য সন্মিলনী, কোচ ৰাজবংশী সন্মিলনী, দৰং জিলা সাহিত্য সভা, প্ৰবীণ খেলুৱৈ তথা ক্ৰীড়া সংগঠক বীৰেন মেধি, মঙলদৈ টাউন ক্লাব, কৰুণাধাৰাৰ দৰং জিলা সমিতি, ইউনাইটেড ক্লাব, সদৌ অসম ছাত্ৰ সন্থা, অধিবক্তা ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱ, জয়ন্ত ডেকা, শিল্পী পেঞ্চনাৰ প্ৰণৱ চহৰীয়া, জিপ্‌চী গিল্ড, হাউলী মোহনপুৰ সমাজ কল্যাণ যুৱক সংঘ আদি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতেই তেওঁৰ পাৰ্থিৱ শৰীৰ স্বৰ্গৰথেৰে মঙলদৈ চহৰৰ মাজেৰে শোভাযাত্ৰা কৰি হাউলী মোহনপৰস্থিত শ্মশান শান্তিধামত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷
প্ৰেৰক ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱ
You might also like