নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰ দেহাৱসান

বিশেষ বাৰ্তা, ১০ জুলাইঃ বিশিষ্ট সাংবাদিক, ৰাজনীতিক তথা অসম প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ আজি পুৱতিনিশা প্রায় ২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৫৯ বছৰ৷ ১৯৬৪ চনৰ ১৯ মার্চত শিৱসাগৰৰ নামতিত জন্মগ্রহণ কৰিছিল প্ৰয়াত মহন্তই। তেওঁৰ পিতৃ চাৰু মহন্ত আৰু মাতৃ তিলোত্তমা মহন্ত৷ ১৯৭১ চনত গুৱাহাটীৰ নিজৰাপাৰ এল পি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা মহন্তই পৰৱর্তী সময়ত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রৱেশিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্রী গ্রহণ কৰে৷ সাংবাদিকতাৰ ক্ষেত্রখনলৈ অহাৰ পূর্বেও মহন্তই বিভিন্ন সংগঠনৰ সৈতে জড়িত হৈ আছিল৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ত সক্রিয়তাৰে অংশগ্রহণ কৰা মহন্তই ছাত্রাৱস্থাতে আন্দোলনৰ সৈতে জড়িত হৈ বহু গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াইছিল৷ অসম আন্দোলনৰ পাছতে আলফাৰ ৰক্তঘাতী সংঘর্ষৰ সময়তো আৰক্ষী তথা ভাৰতীয় সেনাৰ দ্বাৰা অকথ্য নির্যাতন সহ্য কৰিবলগীয়া হৈছিল মহন্তই৷ অধুনালুপ্ত কাকত আজিৰ অসমত সাংবাদিক হিচাপে যোগদান কৰি সক্রিয় সাংবাদিকতাৰ ক্ষেত্রখনত প্রৱেশ কৰা মহন্তই পৰৱর্তী সময়ত কাকতখনত কার্যবাহী সম্পাদকৰ দায়িত্বও পালন কৰিছিল৷ ইয়াৰ মাজতে প্রতিদিন কাকত গোষ্ঠীৰ সৈতে জড়িত হোৱা মহন্তই কাকতখনত সাংবাদিক হিচাপে অংশগ্রহণ কৰি পৰৱর্তী সময়ত কার্যবাহী সম্পাদক পদত অধিষ্ঠিত হৈছিল৷ ছপা মাধ্যমত সক্রিয় সাংবাদিকতা কৰাৰ পাছত তেওঁ জড়িত হৈছিল বৈদ্যুতিন সংবাদ মাধ্যমৰ সৈতে৷ ছেটেলাইট চেনেল প্রাইম নিউজত এডিটৰ ইন চীফ হিচাপে অংশগ্রহণ কৰা মহন্তই পাছলৈ এন ই নিউজ আৰু প্রাগ নিউজতো জ্যেষ্ঠ সাংবাদিক হিচাপে কার্যনির্বাহ কৰিছিল৷ ২০২১ চনৰ পৰা সক্রিয় ৰাজনীতিলৈ অহা মহন্তই ২০২১ চনতেই দিছপুৰ বিধানসভা সমষ্টিৰ আঞ্চলিক গণ মর্চাৰ তৰফৰ পৰা প্রার্থী হিচাপে অৱতীর্ণ হৈ নির্বাচন খেলিছিল৷ উক্ত নির্বাচনত তেওঁ পৰাজয়বৰণ কৰিলেও সন্মানজনক জনসমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ নির্বাচনৰ পাছতে অসম প্রদেশ কংগ্রেছত যোগদান কৰি মহন্তই কংগ্রেছৰ ৰাজ্যিক মিডিয়া বিভাগৰ অধ্যক্ষ হিচাপে মৃত্যুৰ সময়লৈকে কার্যনির্বাহ কৰি আছিল৷ উল্লেখ্য যে সক্রিয়তাৰে কংগ্রেছৰ বিভিন্ন দায়িত্ব পালন কৰাৰ মাজতে অসুস্থ হৈ পৰা মহন্তক যোৱা ১৪ জুনত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰিয়ালবর্গই ভর্তি কৰে৷ পাছত স্বাস্থ্যৰ জটিলতা বৃদ্ধি হোৱাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে পৰিয়ালবর্গই৷ বিগত কেইবাদিনো ধৰি আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকাৰ পাছত আজি পুৱতি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

You might also like