নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী আব্দুৰ ৰশিদ মিঞাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : বিলাসীপাৰা পৌৰসভাৰ চাৰি নম্বৰ ৱাৰ্ডৰ বাসিন্দা,প্ৰবীণ ৰাজনীতিবিদ, বিশিষ্ট সমাজসেৱক তথা ধৰ্মপ্ৰাণ আব্দুৰ ৰশিদ মিঞা (৮০)ই আজি পুৱা মৃত্যুক আঁকোৱালি লয়। উল্লেখ্য যে বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ জেষ্ঠ্য ভাতৃ, এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় যুৱ মৰ্চাৰ সম্পাদক তথা আমছুৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি মনোৱাৰ হুছেইনৰ পিতৃ মিঞা (৮০)ৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে আব্দুৰ ৰসিদ মিঞা এজন বিশিষ্ট ৰাজনৈতিক নেতা আছিল,তেওঁ বজাৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিল, নায়েৰ আলগা ছিনিয়ৰ মাদ্ৰাছা পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিল, হাজীপাৰা মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিল, বাঘপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল , ইয়াৰ উপৰিও অঞ্চলটোত বিভিন্ন ধৰণৰ সামাজিক কাম কাজত আগভাগ লৈছিল। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আজি পুৱা নিজ বাসভৱনত মৃত্যু হোৱাত আত্মীয় স্বজনৰ লগতে কেবা শতাধিক গুণমুগ্ধই তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হয়। বিশিষ্ট সমাজ কৰ্মী জনে মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ, এজনী জীয়েকৰ লগতে কেবাজনো নাতি নাতিনী তথা অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত আমছূ , এ আই ইউ ডি এফৰ লগতে বিভিন্ন দল সংগঠননে শোক প্ৰকাশ কৰে। আবেলি কাজাইকাটা হোছাইনীয়া মাদ্ৰাছা প্ৰাংগনত জানাজা নামাজ আদায় কৰি শেষকৃত্য সম্পন্ন কৰা হয় ।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like