নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাৰ বিশিষ্ট সমাজকৰ্মী গোপেন্দ্ৰ কুমাৰ চৌধুৰীৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : সৰুপেটা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী গোপেন্দ্ৰ কুমাৰ চৌধুৰীৰ আজি দিনৰ প্ৰায় চাৰে বাৰ বজাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ।পৰিয়াল সূত্ৰে জানিব পৰা মতে, দীৰ্ঘদিন হৃদজনিত ৰোগত আক্ৰান্ত গোপেন্দ্ৰ কুমাৰ চৌধুৰীয়ে আজি অধিক অসুস্থতা অনুভৱ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে হাইস্কুলীয়া কালৰে পৰাই মেধাৱী ছাত্ৰ হিচাপে পৰিচয় দিয়া প্ৰয়াত চৌধুৰীয়ে ষাঠিৰ দশকতে গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি উক্ত মহাবিদ্যালয়ৰ পৰাই সুখ্যাতিৰে বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। সেই সময়ত অঞ্চলটোত বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা ধৰণৰ আছিল যদিও প্ৰয়াত চৌধুৰীয়ে সেই সময়ত লাভ কৰা অলেখ চৰকাৰী চাকৰিত সংস্থাপনৰ সুবিধা পৰিত্যাগ কৰি স্বনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰি ব্যৱসায়েৰে জড়িত হৈ পৰে। প্ৰয়াত চৌধুৰীয়ে প্ৰায় কুৰি বছৰ স্থানীয় পহুমাৰা-ৰূপহী সংমণ্ডলৰ ঠিকাদাৰ সংস্থাৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল। তদুপৰি সংস্কৃতিমনা চৌধুৰীয়ে বৃহত্তৰ সৰুপেটা অঞ্চলত প্ৰায় কুৰিখনৰো অধিক পূৰ্ণদৈৰ্ঘ্যৰ নাটকৰ মূল চৰিত্ৰত অভিনয় কৰি অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। প্ৰয়াত চৌধুৰীয়ে স্থানীয় বি এইচ বি মহাবিদ্যালয়ৰ আমৃত্যু উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে সৰুপেটা আঞ্চলিক কীৰ্তনঘৰ আৰু সৰুপেটা বজাৰ সমিতিৰ লগতে স্থানীয় সৰুপেটা হাইস্কুলৰ উন্নয়ন তথা পৰিচালনা সমিতিৰ সৈতেও জড়িত আছিল।মৃত্যুৰ সময়ত চৌধুৰীয়ে কবি-সাংবাদিক কাশ্যপ চৌধুৰীৰ সৈতে আন তিনিগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী জীয়ৰী, নাতি-নাতিনী, বোৱাৰী আৰু অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি যায়। চৌধুৰীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like