নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : লখিমপুৰ চহৰৰ পানীন্দ্ৰ ৰোড নিবাসী অৱসৰপ্ৰাপ্ত সহকাৰী কাৰ্যবাহী অভিযন্তা মৃগেন্দ্ৰ নাথ দত্তৰ মঙলবাৰে সন্ধিয়া নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। লখিমপুৰৰ নৰা গাঁৱত জন্মলাভ কৰা দত্তই অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই লখিমপুৰৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু উন্নয়নমূলক কাম-কাজৰ লগত জড়িত হৈ এক সামাজিক জীৱন আৰম্ভ কৰিছিল। লেখক হিচাপেও পৰিচিত প্ৰয়াত দত্তই “বিয়লিৰ ৰোমন্থন” নামৰ এখন গ্ৰন্থও ৰচনা কৰিছিল। নিজ গৃহতে পিছলি পৰি কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল যদিও মঙলবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ আগলৈকে চহৰখনৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থাকি নিষ্ঠাৰে দায়িত্ব পালন কৰিছিল। মৃত্যুৰ সময়ত প্ৰয়াত দত্তই দুটি পুত্ৰ সন্তানৰ লগতে বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায় । সৰবৰহী লোকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
প্ৰেৰক পুলকজ্যোতি বৰা