নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ বিশিষ্ট ক্ৰীড়া প্ৰশিক্ষক নাগেশ্বৰ স্বৰ্গীয়াৰীৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ৯ জুলাই : এগৰাকী আগশাৰীৰ ক্ৰীড়া প্ৰশিক্ষক, শিক্ষক, সমাজকৰ্মী তথা  সৰবৰাহী ব্যক্তি বাক্সা জিলাৰ আঠিয়াবাৰীৰ হাটীৰটাৰী নিৱাসী নাগেশ্বৰ স্বৰ্গীয়াৰীৰ যোৱানিশা ৫১ বছৰ বয়সত অকাল বিয়োগ ঘটা খবৰে সমগ্ৰ বাক্সা জিলাৰ লগতে অসমৰ ক্ৰীড়া জগতত শোকৰ ছাঁ পেলাইছে৷ উল্লেখ্য যে আঠিয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা কাবাদী খেলৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ লগতে সদৌ অসম কাবাদী এছ’চিয়েচনৰ কাৰ্যবাহী সদস্য নাগেশ্বৰ স্বৰ্গীয়াৰী যোৱা ২৯ জুনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল টিভিত প্ৰত্যক্ষ কৰি থকাৰ সময়তে অকস্মাতে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ তাত চিকিৎসাধীন হৈ কিছু পৰিমাণে সুস্থ হয় যদিও পৰৱৰ্তী সময়ত গুৱাহাটীৰ এম এল এ ৰহমান হাস্পতালত উন্নত চিকিৎসাৰ অৰ্থে লৈ যোৱা হয়৷ ব্যক্তিগৰাকী কিছু পৰিমাণে সুস্থ হোৱাৰ পিছতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি যোৱা ৩০ জুনত একেখন হাস্পতালতে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়৷ কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি অস্ত্ৰোপচাৰৰ পিছৰে পৰা তেওঁক ভেণ্টিলেচন ছাপোৰ্ট দি ৰাখিবলগীয়া হয় আৰু চিকিৎসাধীন অৱস্থাতে কালি নিশা প্ৰায় দহ বজাত তেওঁৰ মৃত্যু ঘটা বুলি চিকিৎসকে পৰিয়ালক জানিবলৈ দিয়ে৷ পৰিয়াল তথা তেওঁৰ শুভকাংক্ষীৰ অভিযোগ অনুসৰি ভুল চিকিৎসাৰ বাবেই এজন ব্যক্তি এনেদৰে অকালতে আঁতৰি যাবলগীয়া হ’ল৷ স্বৰ্গীয়াৰীৰ এনেদৰে অকাল বিয়োগ ঘটা খবৰে অসমৰ ক্ৰীড়া জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনে৷ আঠিয়াবাৰী অঞ্চলত ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰি নতুন খেলুৱৈক উলিয়াই অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা স্বৰ্গীয়াৰী বাক্সা জিলা ক্রীড়া সন্থাৰ প্ৰতিষ্ঠাপক সদস্য তথা বৰ্তমান বাক্সা জিলা ক্রীড়া সন্থাৰ ৰেফাৰী ব’ৰ্ডৰ অধ্যক্ষ, অসম কাবাদী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তথা ৰাষ্ট্ৰীয় ৰেফাৰী, অসম এথলেটিকছ সন্থাৰ টেকনিকেল অফিচাৰ, আঠিয়াবাৰী ভেনাচ ক্লাবৰ বৰ্তমানৰ সমিতিৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল৷ ক্ৰীড়া আৰু শিক্ষকতাৰ উপৰি বিভিন্ন সামাজিক কামতো ওতপ্ৰোতভাৱে জড়িত স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি আঠিয়াবাৰী বজাৰস্থিত ভেনাচ ক্লাবৰ কাৰ্যালয়লৈ আনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম এথলেটিকছ সন্থা, বাক্সা জিলা ক্ৰীড়া সন্থা, অসম কাবাদী সন্থা, বজালী ক্ৰীড়া সন্থা, শালবাৰী ক্ৰীড়া সন্থা আৰু নলবাৰী ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে বাক্সা জিলাৰ ৰেফাৰীসকল, আঠিয়াবাৰী ভেনাচ ক্লাব, বাক্সা জিলা কুম্ফু স্পোৰ্টছ এছ’চিয়েচন আদিৰ লগতে ক্ৰীড়াৰ স’তে জড়িত তথা বৃহত্তৰ আঠিয়াবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাই তেওঁৰ মৃত্যু অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ উল্লেখ্য যে এগৰাকী শিক্ষক হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰা নাগেশ্বৰ স্বৰ্গীয়াৰীয়ে মৃত্যুৰ সময়ত পত্নী, তিনিগৰাকী কন্যা সন্তান আৰু এগৰাকী ভগ্নীসহ অনেক আত্মীয় আৰু গুণমুগ্ধক ইহসংসাৰত এৰি যায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like