নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম মায়ঙক সম্পূৰ্ণ বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১০ জুলাইঃ প্ৰতিবছৰে বানপানীয়ে জুৰুলা কৰা বৃহত্তৰ পশ্চিম মায়ং অঞ্চলটোক সম্পূৰ্ণ বান মুক্ত কৰা হ’ব। এই অঞ্চলৰ বাসিন্দাক বানপানীয়ে আৰু বেছি দিনলৈ ক্ষতি কৰিব নোৱাৰিব। তাৰ বাবে পৰ্যায় ক্ৰমে সকলো ব্যৱস্থা হাতত লোৱা হৈছে। কাজলি চকী গাঁৱত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখ্য যে মায়ং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত কাজলি চকী অংগনৱাড়ী কেন্দ্ৰটো এখন আদৰ্শ কেন্দ্ৰ হিচাপে নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। আধাৰশিলা স্থাপনৰ পিছতে এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰে। এই সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে অঞ্চলটোৰ একাধিক স্থানত বান প্ৰতিৰোধী পদক্ষেপ হাতত লোৱাৰ বিষয়ে উল্লেখ কৰি অহা ডেৰ বছৰৰ ভিতৰত পশ্চিম মায়ং অঞ্চলটোক সম্পূৰ্ণ বান মুক্ত কৰি বাৰ মাহতে কৃষি কাৰ্য কৰাৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ। তদুপৰি সমষ্টিটোত নতুনকৈ চাৰে ছয় হাজাৰ পৰিয়ালক অৰুণোদয় আৰু ৩০ হাজাৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰাৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানটোত মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া সকলো উপস্থিত থাকে।

প্ৰেৰক বিভাষ দাস

You might also like