নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰ উঃ মাঃ বিদ্যালয়ক ন-ৰূপেৰে সজোৱাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী কেশৱ মহন্তৰ

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শিলঘাটৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ব্ৰিটিছৰ জে এছ লৰ্ণি চাহাবৰ পৃষ্ঠপোষকতাত ১৯৩৩ চনত স্থাপিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক নতুন ৰূপেৰে সজোৱাৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী কেশৱ মহন্তই। ব্ৰিটিছৰ দিনতে স্থাপন হোৱা বিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই কৰা এনে মন্তব্যই আনন্দিত কৰে উপস্থিত সকলোকে। এই উদ্দেশ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনিত মন্ত্ৰীত্বৰ কালছোৱাত প্ৰথমবাৰৰ বাবে ঐতিহাসিক বিদ্যালয়খনত উপস্থিত হৈ অতিশয় আনন্দিত হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে অধ্যয়ন কৰা বৰ্ত্তমানৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি গৃহ মেৰামতি-সংৰক্ষণৰ লগতে নতুন গৃহ নিৰ্মানৰে আন্তঃগাঠনি উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই। শিক্ষয়িত্ৰী জৱা গোস্বামীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভা খনিৰ আৰম্ভণিতে আদৰণী ভাষন দিয়ে অধ্যক্ষা নৱনীতা দলবৰুৱাই। মন্ত্ৰীত্বৰ কালছোৱাত প্ৰথম বাৰৰ বাবে উপস্থিত হোৱা মন্ত্ৰী কেশৱ মহন্তক বিদ্যালয় কৰ্তৃপক্ষই গামোচা চেলেং শৰাই আৰু প্ৰসস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনায়। সম্ভাষণ গ্ৰহণ কৰি বিদ্যালয়ৰ সামগ্ৰিক দিশৰ উত্তৰণৰ বাবে আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী। শতবৰ্ষ গৰকিবলৈ মাজত এটা দশক থকা বিদ্যালয় খনত এতিয়াৰ পৰা উন্নয়ন মুখী চিন্তাৰে আগবঢ়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে আহিব লগীয়া শতবৰ্ষক উৎসৱমুখী নহয় কৰ্মমুখী শতবৰ্ষ হিচাপেহে পালনৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ উপৰি বিদ্যালয়খনৰ অভাৱ-অভিযোগ পূৰণৰ বাবেও মন্ত্ৰী মহন্তই দিলে প্ৰতিশ্ৰুতি। প্ৰাক্তন অধ্যক্ষ সলিল কুমাৰ মিত্ৰই ভাষন দিয়া সভা খনিত স্থানীয় অঞ্চলটোৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

You might also like