নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ডিচেম্বৰঃ দলবদ্ধ ধর্ষণৰ পাশৱিক ঘটনা এটাই তীব্র জোকাৰণি তুলিছে গুৱাহাটী মহানগৰীত৷ স্মার্ট আৰক্ষীৰে গিজগিজাই থকা সত্ত্বেও মহানগৰীত এগৰাকী অকলশৰীয়া মহিলাক ৯টা পাষণ্ডই দলবদ্ধ ধর্ষণ কৰে৷ উদ্বেগজনকভাৱে দলবদ্ধ ধর্ষণতে ক্ষান্ত নাথাকি পাষণ্ডৰ দলটোৱে মহিলাগৰাকীৰ বিবস্ত্র দেহৰ সমগ্র দৃশ্য ম’বাইল ফোনত বন্দী কৰি পাশৱিক আনন্দও লভিছে৷ লক্ষণীয় যে বিগত ১৭ নৱেম্বৰত ৰাজ্যজুৰি চলি থকা ৰাস মহোৎসৱৰ আনন্দৰ মাজতেই সংঘটিত হৈছিল ভয়াৱহ ঘটনাটো৷ কিন্তু স্মার্ট আৰক্ষীয়ে ঘটনাটো গম পোৱাটো দূৰৰে কথা একো সন্ধানে উলিয়াব পৰা নাছিল৷ ‘নিউজ লাইভ’ৰ সাংবাদিক ধর্মেন্দ্র কলিতাৰ তথ্যৰ ভিত্তিতহে মহানগৰ আৰক্ষীয়ে এই ভয়াৱহ দলবদ্ধ ধর্ষণৰ ঘটনাটোৰ বিষয়ে অৱগত হয়৷ সামাজিক মাধ্যমত কালি নিশাৰ ভাগত ভয়ানক ধর্ষণৰ দৃশ্যাংশ ভাইৰেল হৈ পৰিছিল৷ নিশা প্রায় ২.৩০ বজাত উক্ত দৃশ্যাংশ প্রত্যক্ষ কৰাৰ পাছতে সাংবাদিকগৰাকীয়ে এই সন্দর্ভত মহানগৰ আৰক্ষীক অৱগত কৰে৷ তাৰ পিছতে গড়চুক আৰক্ষীয়ে নিশাই অভিযান চলাই আজি দিনটোৰ ভিতৰত মুঠ ৮টা পাষণ্ডক গ্রেপ্তাৰ কৰে৷ ধৃত পাষণ্ডকেইটা হৈছে গড়চুকৰ কুলদীপ নাথ (২৩), বিজয় ৰাভা (২২), পিংকু দাস (১৮), গগণ দাস (২১), সৌৰভ বড়ো (২০), মৃণাল ৰাভা (১৯), জালুকবাৰীৰ দীপাংকৰ মুখীয়া (২১) আৰু গড়চুকৰ ৰবীন দাস (২৩)৷ মহানগৰ আৰক্ষীয়ে সদৰী কৰা মতে বিগত ১৭ নৱেম্বৰৰ নিশা গড়চুকৰ অন্তর্গত বৰাগাঁও এলেকাৰ নিজৰাপাৰৰ দুর্গা মন্দিৰ চৌহদত সংঘটিত হৈছিল এই বর্বৰ কাণ্ড৷ ধৃত অভিযুক্তকেইজনৰ ভিতৰত ৰবীন দাস নামৰ পাষণ্ডটোৱে জালুকবাৰীৰ পৰা উঠাই আনিছিল মহিলাগৰাকীক৷ সেই সময়ত আন আঠটা পাষণ্ডই গড়চুকত ৰাস চাবলৈ গৈ নিজৰাপাৰৰ দুর্গা মন্দিৰটোৰ সমীপৰ নির্জন ঠাইলৈ সুৰা আৰু ড্রাগছ খোৱাৰ উদ্দেশ্যে গৈছিল৷ ইয়াৰ ভিতৰত কৃষ্ণ নামৰ এটা পাষণ্ড বর্তমানেও পলাতক হৈ আছে৷ মহিলাগৰাকীক ধৃত ৰবীন দাসে দুর্গামন্দিৰ চৌহদৰ নির্জন ঠাইলৈ লৈ যোৱাৰ পাছতে আটাইকেইটা পাষণ্ডই মিলি সম্পূর্ণ বিবস্ত্র কৰি মহিলাগৰাকীক ধর্ষণ কৰে৷ অকল ধর্ষণেই নহয়, মহিলাগৰাকীক বিভিন্ন প্রকাৰে যৌন নির্যাতন চলাই নির্যাতনৰ ভিডিঅ’ নিজৰ ম’বাইলত বন্দী কৰি লয় পাষণ্ডকেইটাই৷ সামাজিক মাধ্যমত ধৃত পাষণ্ডকেইটাৰ মাজৰে এজনে সমগ্র দৃশ্যাৱলী ভাইৰেল কৰিছিল৷ সেইমর্মে বিষয়টো পোহৰলৈ আহিল৷ মহানগৰ আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত ধর্ষণকাৰীকেইজনৰ বয়স ১৮ৰ পৰা ২৩ বছৰ৷ বিভিন্ন সময়ত নির্মাণ শ্রমিক, ডেলিভাৰী বয় অথবা ৰেপিড’চালক হিচাপে কাম কৰি আহিছে পাষণ্ডকেইটাই৷ ভাইৰেল হোৱা দৃশ্যাংশত ভুক্তভোগী মহিলাগৰাকীয়ে ভয়তে চকুপানী টুকি থকা দেখাৰ লগতে পাষণ্ডকেইটাই মহিলাগৰাকীৰ বস্ত্রহীন দেহত বিভিন্ন প্রকাৰে নির্যাতন চলোৱাও দেখা গৈছে৷ মহিলাগৰাকীৰ বস্ত্রক লৈও হাঁহি–খিকিন্দালি কৰা দেখা গ’ল ধর্ষণকাৰী যুৱকৰ দলটোক৷ এক অর্থত ক’বলৈ গ’লে যুৱ উচ্ছৃংখলতাৰ ভয়াৱহ দিশটো উক্ত ভিডিঅ’ত সম্পূর্ণৰূপে প্রতিফলিত হৈ পৰিছে৷ আৰক্ষীয়ে বর্তমানে পলাতক হৈ থকা আনটো অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে ধর্ষণকাৰীটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আনহাতে, ঘটনাটো সংক্রান্তত নিজৰাপাৰ অঞ্চলৰ একাংশ বাসিন্দাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে অভিযুক্ত ৰবীন দাস নামৰ যুৱকজনে সেন্দূৰ পিন্ধাই মহিলাগৰাকীক জালুকবাৰী উৰণীয়া সেতুৰ তলৰ পৰা উঠাই আনিছিল৷ কিন্তু তাৎপর্যপূর্ণভাৱে বর্তমানলৈকে নির্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ কোনো পৰিচয় এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ স্থানীয় বাসিন্দাসকলে ঘটনাটোক লৈ বিভিন্ন ধৰণে মন্তব্য কৰাৰ সময়তে আৰক্ষীয়ে ঘটনাটো সন্দর্ভত সঁচা–মিছা তথ্যক লৈ তদন্ত অব্যাহত ৰখাৰ লগতে নিজাববীয়াকৈ হ’লেও এটা গোচৰ ৰুজু কৰিব বুলি জানিব পৰা গৈছে৷ পলাতক আনটো অভিযুক্তকো শীঘ্রে কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে সক্ষম হ’ব বুলি দাবী কৰিছে৷ যিয়েই নহওক মহানগৰী গুৱাহাটীত আৰক্ষী–নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পাছতো বিভিন্ন প্রান্তত ড্রাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্রীৰ ৰমৰমীয়া ব্যৱসায় চলি আছে৷ আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই উক্ত ব্যৱসায়ৰ সৈতে জড়িত চক্রক উৎখাত কৰিছে যদিও মদ–ড্রাগছৰ ভয়াৱহ পৰিণতিতে যুৱ উচ্ছৃংখলতাও মহানগৰীত বৃদ্ধি পাইছে৷ যাৰ পৰিণতিত আৰক্ষীয়ে সুৰক্ষিত বুলি দাবী কৰিলেও আজিলৈকে নাৰীৰ সুৰক্ষা প্রকৃতার্থত হৈ উঠা নাই৷