নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বসুন্ধৰা’ আঁচনিত উপেক্ষা কৰাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ

🔹 বিলাসীপাৰাত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট 

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : বিলাসীপাৰাত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত শ শ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কৰ্মকৰ্তাই সাব্যস্ত কৰে এই প্ৰতিবাদ। “বসুন্ধৰা” আঁচনিত উপেক্ষা কৰাৰ প্ৰতিবাদত দুঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। “বসুন্ধৰা” আঁচনিত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীক বৈষম্য মানি লোৱা নহ’ব, জীৱনে-মৰণে আমি অসমৰেই অসমীয়া আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ অন্তত ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। শীঘ্ৰে বসুন্ধৰা আঁচনিত দেশী জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like