নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ একপ্ৰকাৰ ভেকোভাওনাত পৰিণত হৈছে বজালী জিলা গঠনৰ মুখ্যমন্ত্ৰীৰ ঘোষণাক যি ঘোষণাক কোনোকাৰণতে মানি নলয় অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ গৃহসমষ্টি ভৱানীপুৰৰ ৰাইজে। উল্লেখযোগ্যযে যোৱা ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটযোগে মাত্ৰ এটা সমষ্টি বজালী সমষ্টিক লৈ বজালী জিলা গঠনক লৈ কৰা ঘোষণাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই বজালী জিলাত অন্তৰ্ভূক্ত নোহোৱা বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে বিশেষকৈ দীৰ্ঘদিনৰে পৰা বজালীৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অহা তথা বজালী সমষ্টিত অন্তৰ্ভূক্ত নোহোৱা পুঠিমাৰী, ওদালগুৰি, শিয়ালমাৰী, দাৰুপাৰা, মেধিকুছি, চেকী অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন ক্ষুব্ধ হৈ পৰে৷ ইয়াৰ পাছতেই কালি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হস্তিনাপুৰ আঞ্চলিক সমিতি, পুঠিমাৰী শান্তি বজাৰ সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ বিভিন্ন দল সংগঠন, ৰাইজৰ সহযোগত পুঠিমাৰী চ’ক বজাৰত প্ৰতিবাদী পথসভা অনুষ্ঠিত কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ পাছতে আজি পুনৰ পুঠিমাৰী চকৰ পৰা বিধায়ক ফণীধৰ তালুকদাৰৰ বাসগৃহ হাঠিনাপুৰৰ চকলৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৷ প্ৰতিবাদকাৰীসকলে ভৱানীপুৰ সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰক, সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত মানুহখিনিক প্ৰশাসনিক কাম কাজ বজালীত কৰাৰ সুবিধা প্ৰদান কৰক, বজালী সমষ্টিত পুঠিমাৰী, মেধিকুছি, শিয়ালমাৰী, ওদালগুৰি, চেকী, দাৰুপাৰাক অন্তৰ্ভূক্ত কৰক, ৰাইজৰ পক্ষত নথকা বিধায়ক ফণীধৰ তালুকদাৰ মুৰ্দাবাদ আদি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে জোৰ লৈ সমদল কৰিছিল যদিও পূৰ্বৰে পৰা উপস্থিত থকা আৰক্ষী, চি আৰ পি এফ বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদকাৰীসকলে সমদল কৰি বিধায়ক ফণীধৰ তালুকদাৰৰ বাসগৃহৰ কাষৰ চকলৈ গৈ বিধায়কগৰাকীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে৷ কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰ, সমাজকৰ্মী গুৰুপ্ৰসাদ দাস,’ দিপুল পাটগিৰী, আছু’ৰ বজালী জিলা কমিটীৰ উপ সভাপতি সীমান্ত দাস, সমাজকৰ্মী নিৰঞ্জন চৌধুৰী, অখিল কাকতি, অনিল দাসকে ধৰি কেবাগৰাকীও ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ বজালী জিলা ঘোষণাৰ তীব্ৰ প্ৰতিবাদ কৰি কোনোকাৰণতে ৰাজ্যৰ ভিতৰতে ক্ষুদ্ৰ জিলা হিচাপে পৰিগণিত বজালী জিলা কোনোকাৰণতে মানি লোৱা নহব আৰু বজালীৰ লগত পূৰ্বৰে থকা মানুহখিনিক বজালীত অন্তৰ্ভূক্ত কৰাৰ দাবী জনাই এই কাম নকৰিলে অনাগত সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে৷ উল্লেখযোগ্যযে প্ৰশাসনিকভাবে ভৱানীপুৰ, হস্তিনাপুৰ আৰু বিজনী মৌজাৰ বৃহত্তৰ অঞ্চল বজালী মহকুমাৰ সৈতে দীৰ্ঘদিন সংলগ্ন থকাত নতুন বজালী জিলা গঠনত উক্ত অঞ্চলসমূহ বাদ পৰিলে যোগাযোগকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা সুবিধাসমূহৰ বিলুপ্তি ঘটাৰ আশংকাত ৰাইজে শংকাত ভুগিছে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বজালী এলেকাৰ সীমামূৰীয়া পুঠিমাৰী, শিয়ালমাৰী, পুঠিমাৰী, ওদালগুৰি, মেধিকুছি, চেকী আদিকে ধৰি একাধিক গাঁও নতুনকৈ গঠিত ভৱানীপুৰ-সৰভোগ সমষ্টিত সম্ভাব্য অন্তৰ্ভুক্তিৰ বিষয়টোৱে অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে সন্ধিয়া পুঠিমাৰী চ’কৰ পৰা আৰম্ভ কৰি দুই কিলোমিটাৰ দূৰৰ পশ্চিম মেধিকুছিলৈ বিশাল প্ৰতিবাদী সমদল উলিয়ায়৷ সমদলৰ আৰম্ভণিতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা আৰু আৰক্ষীৰ বেষ্টনীৰ মাজত আগবঢ়া প্ৰতিবাদকাৰীসকলৰ লগত আৰক্ষীৰ হতাহতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীসকলে বিধায়ক গৰাকীৰ পুত্তলিকা দাহ কৰি চৰকাৰ দৃষ্টি আকৰ্ষণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা