নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰী প্ৰতিষ্ঠানৰ মইমতালিত নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰতিবাদ

🔹 থলুৱা শ্ৰমিকক বিনা কাৰণত কামৰ পৰা অব্যাহতি
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : জাতিৰ স্বকীয়তা আৰু সুৰক্ষাৰ স্বাৰ্থত চলা ইতিহাস কঁপোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত লাভ কৰা নুমলীগড় শোধনাগাৰত থলুৱা শ্ৰমিকক বহিৰাগত বৃহৎ কোম্পানীসমূহে কৰি অহা শোষণ-বঞ্চনাৰ বিৰুদ্ধে সদায় সৰৱ নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে শ্ৰমিকৰ স্বাৰ্থত আজি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে৷ অপছিচ্‌ প্ৰজেক্ট ইণ্ডিয়া প্ৰাঃ লিঃ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কোনো আগতীয়া জাননী নিদিয়াকৈয়ে ১৭জন শ্ৰমিকক কামৰ পৰা হঠাৎ অব্যাহতি দিয়া বিষয়টোক কেন্দ্ৰ কৰি আজি শোধনাগাৰৰ মুখ্য দ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ শ্ৰমিক ইউনিয়নে৷ শ্ৰমিক নেতা তথা নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই কয় যে বৃহৎ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে বহু উপ-ঠিকাদাৰী প্ৰতিষ্ঠানেও আগতীয়া জাননী অবিহনে শ্ৰমিকক হঠাৎ কামৰ পৰা অব্যাহতি দিয়া দেখা যায়৷ এনে কাৰ্য শ্ৰম আইনৰ পৰিপন্থী৷ হঠাৎ কৰ্মহীন হৈ পৰা শ্ৰমিকসকলে ক্ষোভিত হৈ যিকোনো পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনাকো একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি৷ শ্ৰমিকে কোনো দয়া বিচৰা নাই, তেওঁলোকে সদায় তেওঁলোকৰ প্ৰাপ্যহে বিচাৰে বুলি উল্লেখ কৰি ধ্ৰুৱজ্যোতি বৰাই কয় যে ১৭জন কিয়, এজন শ্ৰমিকৰ ক্ষেত্ৰত হোৱা অন্যায়কো শ্ৰমিক সংগঠনটোৱে কোনোদিনে সহ্য কৰা নাই আৰু ভৱিষ্যতেও নকৰে৷ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি শ্ৰমিক সংগঠনটোৱে এনআৰএলৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ-মহাপ্ৰবন্ধকলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে যে নীতিবহিৰ্ভূতভাৱে কামৰ পৰা অব্যাহতি দিয়া ১৭জন শ্ৰমিকক শীঘ্ৰেই পুনৰ নিযুক্তি দিয়াৰ লগতে কৰ্মক্ষেত্ৰত অনুপস্থিত থাকিবলৈ বাধ্য কৰা দিনকেইটাৰ মজুৰিও তেওঁলোকক আদায় দিয়া উচিত৷ শ্ৰমিককেইজনৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ৬ মাৰ্চত অপছিচ্‌ প্ৰজেক্ট ইণ্ডিয়া প্ৰাঃ লিঃ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ লগতে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিব বুলি স্মাৰক-পত্ৰখনত উল্লেখ কৰিছে শ্ৰমিক সংগঠনটোৱে৷ উল্লেখ কৰিব পাৰি যে শ্ৰমিকৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সংবেদনশীলতাৰ পৰিচয় দি শ্ৰমিকে যিকোনো সমস্যা জনাব পৰাকৈ নুমলীগড় শোধনাগাৰৰ দ্বাৰত নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে অভিযোগ বাকচ স্থাপন কৰিছে৷ শ্ৰমিকসকলেও সংগঠনটোৰ আপোচবিহীন স্থিতিত বিশ্বাস ৰাখি তেওঁলোকৰ অভাৱ-অভিযোগ আৰু সমস্যাৰ কথা সংগঠনটোক অৱগত কৰি আহিছে৷ সংগঠনটোলৈ ২১ ফেব্ৰুৱাৰীত ১৭জন শ্ৰমিকে প্ৰেৰণ কৰা অভিযোগৰ ভিত্তিতে আজি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে এনআৰএলৰ মুখ্য দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like