🟥ৰাজেন গোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল গুৱাহাটীৰ ৰাজপথ
🟥মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিকাশৰ গতিক স্তব্ধ কৰিব বিচৰা ষড়যন্ত্ৰকাৰীক কঠোৰ শাস্তিৰ দাবী
🟥প্ৰতিবাদৰ নেতৃত্বত পৌৰ নিগমৰ প্ৰাক্তন উপ-মেয়ৰ সৌমেন ডেকা
বিশেষ বাৰ্তা, ২২ আগষ্টঃ বিজেপিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল একাংশ বিজেপি নেতা কৰ্মী। জিএমচিৰ প্ৰাক্তন উপ-মেয়ৰ সৌমেন ডেকাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি নেতা কৰ্মীসকলে। ৰাজেন গোঁহাই, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মহানগৰীৰ মঠঘৰীয়াত বিজেপিৰ প্ৰতিবাদী সমদল উলিয়াই নেতা কৰ্মীসকলে। ৰাজেন গোঁহাই, সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তেওঁ লোকে অসমত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এজন গতিশীল মুখ্যমন্ত্ৰীক এজন পুৰণা সাংসদ ৰাজেন গোহাঁয়ে আঙুলি টোঁৱাই প্ৰশ্ন কৰাৰ অধিকাৰ ক’ত পালে মন্তব্য কৰে সাংবাদিক আগত। তেওঁ ৪ বাৰ তেওঁ সাংসদ, এবাৰ মন্ত্ৰী হ’ল, ৰে’লৱে মন্ত্ৰী- অসমৰ ৰাইজৰ কাৰণে, ভাৰতৰ কাৰণে তেওঁ কি কৰিলে? অসমৰ ৰাইজৰ কাৰণে কি কৰিলে? তেওঁ এজন নিকম্মা মন্ত্ৰী আছিল আৰু তাৰ পিছত তেওঁক ড্ৰপ দিয়া হ’ল। তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে, আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ আঙুলিয়াই কেইটামান প্ৰশ্ন সুধিছে। আমি তেওঁক উত্তৰ দি আছো বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। এনেকুৱা অকৰ্মন্য কৰ্মীয়ে বিজেপিত থাকি বিজেপিক দুৰ্বল কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে। কেইজনমান জ্যেষ্ঠ লোকে অহৰহ চেষ্টা চলাই আছে দলটোক দুৰ্বল কৰাৰ কাৰণে। বিশেষকৈ ৰাজেন গোহাঁই ডাঙৰীয়াৰ শেহতীয়া মন্তব্যক আমি ধিক্কাৰ দিছো। আৰু এনেকুৱা গতিশীল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা কোৱাটো আমি সহজভাৱে লোৱা নাই। আমি এটা সৰু অঞ্চলত বাস কৰো। আমি আজি ১০ বছৰ আগতে আমি আমাৰ নেত্ৰী বিজয়া চক্ৰৱৰ্তীৰ নেতৃত্বত আমি সকলো ৰাইজ বিজেপিত যোগদান কৰিছিলো। বিজয়া চক্ৰৱৰ্তীৰ আদৰ্শ-নীতিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই অঞ্চলটোৰ কাম ড০ হিমন্ত বিশ্ব শৰ্মা, বিজয়া চক্ৰৱৰ্তীৰ জৰিয়তে আমি কৰিছিলো। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই অসমখন ভাৰতৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত ৰাখিম। আৰু সেই দেখিছে আজি গতিশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাস্তা-পদুলি, দলং প্ৰত্যকখন আঁচনি সফলভাৱে ৰূপায়ণ হৈছে। দুৰ্নীতি বন্ধ হৈ গৈছে। গতিকে এনে এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আঙুলি টোওৱাটো দুৰ্ভাগ্যজনক। দ্বিতীয় কথা নতুন আৰু পুৰণি বুলি কি কথা আছে? আজিৰ পৰা ১৫ বছৰ আগতে আমাৰ আগত বিজেপিত আছিল ১০ জন। আমি ১০ বছৰ আগতে আমি একেলগে যোগদান কৰিছিলো ২ হাজাৰজন। আজি হয়তো ৪০ হাজাৰ হৈছে। বিজেপিৰ নীতি-আদৰ্শ ভাল পাই মানুহে বিজেপিত যোগদান কৰিছে। মানুহ বিলাক কিয় বিজেপিলৈ আহিছে? অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজত আকৃষ্ট হৈ আজি সকলোৱে বিজেপিত যোগদান কৰিছে। এইগৰাকী গতিশীল মুখ্যমন্ত্ৰীৰ দিনত আজি গুৱাহাটীত কিমান দলং নিৰ্মাণ হৈছে, কিমান ভাল কাম হৈ আছে। আমি মুখ্যমন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হৈছো। গতিকে ইয়াৰ পিছতো আমি ৰাজে গোহাঁইৰ দৰে মানুহ বিজেপিত নথকাই ভাল। ৰাজেন গোহাঁই বিজেপিৰ পৰা যাব লাগে। এনেধৰণৰ মানুহ যদি বিজেপিত থাকে, বিজেপ দলটোক দুৰ্বল কৰি পেলাব। গতিকে আমি সকীয়াই দিছো যে এনেকুৱা ৰাজেন গোহাঁইৰ দৰে মানুহ যেন আৰু দ্বিতীয় এজন নোলায় আৰু আমি সাৱধান কৰি দিছো। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি আছোঁ। যিমান দিন ড০ হিমন্ত বিশ্ব শৰ্মা থাকিব আমি থাকিম। তেওঁ বিৰুদ্ধাচাৰণ কৰাৰ অধিকাৰ ক’ত পালে? আৰু তেওঁ বিৰোধ কৰিছে কেতিয়া? যেতিয়া তেওঁ একো নাপালে, ৪ বাৰ সাংসদ হোৱাৰ পিছত তেওঁ আৰু কি বিচাৰে? ৰে’লৱে মন্ত্ৰী হোৱাৰ পিছত তেওঁ আৰু কি বিচাৰে? আজি নতুন প্ৰজন্ম ওলাই আহিছে, এতিয়া চাওক জয়ন্ত মল্লবৰুৱা ভাল মন্ত্ৰী, পীযুষ হাজৰীকা এগৰাকী কৰ্মোদ্যমী মন্ত্ৰী। ৰঞ্জিত দাস পুৰণি মানুহ, তেওঁ সদায় ভালৰ কথা কৈ আহিছে। আনহাতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক সমালোচনা কৰি কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ মটৰ চাইকেলৰ পিছৰ চিটত বহুই লৈ অহা কথাটো কৈ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰীক উপলুহে কৰিছে। এই কথাটোৰে তেওঁ কি বুজাব বিচাৰে, তাৰ মানে তেতিয়াৰ দিনত বিজেপিত মানুহ নাছিল। অৰ্থাৎ ভট্টাচাৰ্যৰ দিনত বিজেপিৰ সংগঠনটো ভাল নাছিল। মন্ত্ৰী থকা দিনত ভট্টাচাৰ্যই কি কৰিছিল গুৱাহাটীবাসীয়ে সকলো দেখিছে। যা-তা মানুহ বিজেপিত সোমাই বিজেপিক ধ্বংস কৰিছে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যই আমাৰ দৰে সাধাৰণ বিজেপি কৰ্মীসকলক দুখ দিছে। আৰু বিজেপিৰ কৰ্মী হিচাপে ৰাজেন গোহাঁইক আমি সাৱধান কৰি দিছো- এনেকুৱা টুলুঙা মন্তব্য, এনেকুৱা উপলুঙা কথা যেন তেওঁ দ্বিতীয় বাৰ প্ৰয়োগ নকৰে। মুখ্যমন্ত্ৰীক যেন আঙুলি টোৱাই কথা নকয়। আজি আমি ক্ষুব্ধ, ৰাজেন গোহাঁইৰ মন্তব্যই আমাক ক্ষোভিত কৰিছে। আমাক যেন তেওঁ উপলুঙা কৰিছে, আমাক যেন হিংসা কৰিছে, এনেধৰণৰ এটা ভাব হৈছে।