নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্রান্তে প্রান্তে বিক্ষোভ কংগ্রেছৰ

ইন্ধন–নিত্য ব্যৱহার্য সামগ্রীৰ দামবৃদ্ধিৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ কংগ্রেছৰ অসম বচাওঁ আহক অভিযানৰ অংশ হিচাপে আজি গুৱাহাটীৰ জু–ৰোডস্থিত এন আৰ এল পেট্র’ল পাম্পৰ সন্মুখত ইন্ধন–নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী দামবৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ জু–ৰোড ব্লক কংগ্রেছৰ উদ্যোগত আয়োজন কৰা এই প্রতিবাদী কার্যসূচীত কংগ্রেছ কর্মীসকলে ‘বিজেপি গ’ বেক’, ‘বিজেপি হায় হায়’, ‘মহিলাবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ, ‘গৃহিণীবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ’, ‘দুখীয়াবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ’, ‘মোদী চৰকাৰ হায় হায়’, ‘মোদী চৰকাৰ গ’ বেক’, ‘নৰেন্দ্র মোদী মুর্দাবাদ’, ‘সর্বানন্দ সোণোৱাল মুর্দাবাদ’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ এই প্রতিবাদী কার্যসূচীত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই চিলিণ্ডাৰ দাঙি অংশগ্রহণ কৰে৷ সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে কালিৰে পৰা অহা ২৪ ফেব্রুৱাৰীলৈ কংগ্রেছে সকলো পেট্র’ল পাম্পৰ সন্মুখত প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ প্রধানমন্ত্রীৰ অসম আগমনৰ পৰিপ্রেক্ষিতত আজি গুৱাহাটীকে ধৰি মফচলীয় অঞ্চলত প্রতিবাদ সাব্যস্ত কৰে৷ তেওঁ আৰু কয় যে মোদী চৰকাৰে গৰিব ৰাইজক বিনামূলীয়া গেছৰ সংযোগ দিছে৷ কিন্তু মানুহে ৯০০ টকা খৰচ কৰি গেছৰ চিলিণ্ডাৰত গেছ ভৰাব নোৱাৰে৷ কংগ্রেছ চৰকাৰৰ দিনত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩৫০ টকা হওঁতে বিজেপিয়ে আধা দামত দিয়াৰ কথা কৈছিল৷ কিন্তু এতিয়া চিলিণ্ডাৰৰ দাম প্রায় ৯০০ টকা হৈছে৷

ইপিনে, প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে পেট্র’ল, ডিজেল, কেৰাচিন তেল, ৰন্ধন গেছৰ দাম বঢ়াই চৰকাৰে ৰাইজক ৮৩০ টকা দি কি লাভ হ’ব? চৰকাৰে দুখীয়াৰ পৰা টকা উঠাই সেই টকাৰে বিজেপিয়ে হেলিকপ্ঢাৰ উৰুৱাই ডাঙৰ ডাঙৰ হোটেলত বহি মিটিং কৰিছে৷ কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে দুখীয়াৰ ওপৰত অত্যাচাৰ চলাইছে৷ দুখীয়াক সকাহ দিয়াৰ বাবে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই৷ আজিৰ এই প্রতিবাদী কার্যসূচীত গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটীৰ সভানেত্রী জুৰি শর্মা বৰদলৈ, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) ৰঞ্জন বৰায়ো অংশগ্রহণ কৰে৷ ইফালে, মঙলদৈতো ইন্ধন–নিত্যব্যৱহায্ সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদত কংগ্রেছে বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷ এই কার্যসূচীত জিলা কংগ্রেছৰ বিষয়ববীয়াৰ লগতে প্রাক্তন মন্ত্রী বসন্ত দাসে অংশ লয়৷
গৌৰীপুৰত কংগ্রেছৰ প্রতিবাদী কার্যসূচী
পেড্র’ল–ডিজেল আৰু ৰন্ধন গেছৰ দামবৃদ্ধিৰ প্রতিবাদত আজি গৌৰীপুৰতো জিলা কংগ্রেছৰ কর্মকর্তাসকলে বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷ গৌৰীপুৰ ইণ্ডিয়ান অইল পেড্র’ল ডিপোৰ সন্মুখত জিলা কংগ্রেছৰ নেতা–কর্মীসকলে বিক্ষোভ সাব্যস্ত কৰে৷ জিলা কংগ্রেছৰ লগতে যুৱ কংগ্রেছ, মহিলা কংগ্রেছেও প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে৷
আগমনিত দামবৃদ্ধিৰ প্রতিবাদত অৱস্থান ধর্মঘট কংগ্রেছৰ
ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে আগমনিত দামবৃদ্ধিৰ প্রতিবাদত অৱস্থান ধর্মঘট কৰে কংগ্রেছে৷ আগমনি আৰু গোলকগঞ্জ ব্লক কংগ্রেছৰ কর্মকর্তাই ৰতিয়াদহৰ আগমনি পেড্র’ল ডিপোত পেড্রল, ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধিৰ প্রতিবাদত এঘণ্টা অৱস্থান ধর্মঘট কৰে৷
কলগাছিয়াত পেড্র’লজাত সামগ্রীৰ দামবৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছৰ ধর্ণা
কলগাছিয়াৰ ৱাহিদা কিষাণ সেৱা পেড্র’ল ডিপোত আজি পেড্র’লজাত সামগ্রীৰ দামবৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছে ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ বৰপেটা জিলা কংগ্রেছৰ উদ্যোগত আৰু ৰূপসী ব্লক কংগ্রেছৰ সহযোগত কৰা এই ধর্ণা কার্যসূচীত ছত্তিশগড প্রদেশ কংগ্রেছৰ সম্পাদক ৰাজেন্দ্র শুক্লাই অংশগ্রহণ কৰে৷ নেতাগৰাকীয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে৷
পেট্ৰল–ডিজেলৰ দামবৃদ্ধিৰ প্রতিবাদত নগাঁৱত কংগ্রেছৰ ধর্ণা
পেড্র’ল–ডিজেল আৰু ৰন্ধন গেছকে ধৰি নিত্যব্যৱহার্য সামগ্রীৰ আকাশলংঘী দামবৃদ্ধিৰ প্রতিবাদত আজি কংগ্রেছে নগাঁও কলেজ চ’কত থকা পেড্র’ল পাম্পৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷ নগাঁও পৌৰ ব্লক কংগ্রেছৰ উদ্যোগত অনুষ্ঠিত এই প্রতিবাদী কার্যসূচীত প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা শান্তনু শর্মা, প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱাকে ধৰি শতাধিক কংগ্রেছ কর্মীয়ে অংশগ্রহণ কৰে৷

You might also like