নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠৰ নলাপাৰাত ৩৩০ গ্রাম সোণসহ বহিঃৰাজ্যৰ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে চোৰাং সোণ সৰবৰাহ৷ আন্তঃৰাষ্ট্রীয় চোৰাং সোণ সৰবৰাহকাৰী চক্রই উত্তৰ–পূর্বাঞ্চলৰ পৰা গুৱাহাটী হৈ বহিঃৰাজ্যলৈ লাখ লাখ টকাৰ চোৰাং সোণ সৰবৰাহ কৰি আহিছে৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে কালি নলাপাৰাৰ পৰা দুখন সোণৰ বিস্কুটসহ বহিঃৰাজ্যৰ এজন সৰবৰাহকাৰী যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকজন মণিপুৰৰ প্রেমচন্দ্র সিং বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা ৩৩০ গ্রাম ওজনৰ দুখন সোণৰ বিস্কুট আৰু এটা ম’বাইল ফোন জব্দ কৰে৷

বশিষ্ঠ আৰক্ষীৰ এক সূত্রই জনোৱা মতে ধৃত যুৱকজনে সোণখিনি মণিপুৰৰ পৰা দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি কালি বশিষ্ঠৰ নলাপাৰাৰ পৰা সোণ সৰবৰাহকাৰী যুৱকজনক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে সোণখিনি আচল নে নকল বাতৰি লিখা পৰলৈকে পৰীক্ষা কৰা হোৱা নাই বুলি বশিষ্ঠ আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like