নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰস্তাৱিত ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩০ জুন : নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ এখন খচৰা প্ৰকাশ কৰিছে। খচৰাখনত প্ৰকাশ পোৱা অনুসৰি পূৰ্বৰ ছয়গাঁও সমষ্টিৰ বিলুপ্তি ঘটাই ২৭নং ছমৰীয়া সমষ্টিৰ বাবে প্ৰস্তাৱ দিছে ভাৰতীয় নিৰ্বাচন আয়োগে। এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে ছমৰীয়াৰ কাষৰীয়া অঞ্চলত বসবাস কৰি থকা অনুসূচিত জাতিৰ লোকসকলে। এই সন্দৰ্ভত আজি স্থানীয় অনুসূচিত জাতিৰ লোকসকলে হাতে হাতে প্লেকাৰ্ড লৈ ছমৰীয়াৰ ৰামসৰস্বতী খেলপথাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি ছমৰীয়া অঞ্চল কপাই তোলে। উল্লেখযোগ্য যে, সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰতিবাদকাৰীয়ে প্ৰকাশ কৰে যে, বৰ্তমানৰ বকো সমষ্টিৰ ছমৰীয়া ব্লক আৰু ছয়গাঁৱৰ গৰৈমাৰী ব্লক সংযোজিত কৰি প্ৰস্তাৱিত  ছমৰীয়া সমষ্টিৰ গঠন কৰা হব। কিন্তু বৰ্তমানৰ যি বকো সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, সেই সমষ্টিত বসবাস কৰা অনুসূচিত জাতিৰ জনসংখ্যাতকৈ প্ৰস্তাৱিত ছমৰীয়া সমষ্টিত অনুসূচিত জাতিৰ জনসংখ্যা বেছি। সেয়েহে প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে যে, প্ৰস্তাৱিত ২৭নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰিব লাগে। এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰীয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় নিৰ্বাচনী আয়োগ, জিলা উপায়ুক্ত, সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰা অসমৰ কমিটীৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like