নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃতদেহ লৈ মাকুমত ৰাজপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : যোৱা ৩০ অক্টোবৰত নিশা তিনিচুকীয়া জিলাৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ধুলিজান গাঁৱৰ বলীন গোহাঁই ওৰফে ধনী নামৰ ৫২ বছৰীয়া লোক এজনক মাকুম জ্যোতিনগৰৰ নুলেন বড়া ওৰফে গ্ৰেজাই নামৰ ৫৭ বছৰীয়া লোক এজনে অত্যাধিক ভাবে মাৰপিত কৰাত গুৰুতৰ ভাৱে আহত হয়। সংকটজনক অৱস্থাত বলীন গোহাঁইক ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ নিয়া হয় যদিও মঙ্গলবাৰে চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় । মৃত বলীন গোহাঁই ওৰফে ধনী এজন ক্ষুদ্ৰ চাহ খেতিয়ক আছিল। আনহাতে নুলেন বড়া ওৰফে গ্ৰেজাই অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মৰত এজন কৰ্মচাৰী। বোধবাৰে সন্ধ্যা প্ৰায় নিশা ৯ বজাত মৃতদেহ নিজ বাসগৃহলৈ অনা হয়। নুলেন বড়া ওৰফে গ্ৰেজাইক লাংকাঁচি আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও এই হত্যাকাণ্ডৰ লগত তৃতীয় পক্ষ জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোৰ তদন্ত অব্যাহত ৰাখিছে। আনহাতে আজি পুৱা মৃত ব্যক্তি জনৰ পৰিয়ালৰ লোকে কোনো পধ্যে আইনী প্ৰক্ৰিয়াৰ সুৰুঙাৰে হত্যাকাৰী জন যাতে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ বাবে মৃতদেহ লৈ মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্রেফিক পইণ্টৰ সন্মুখত ৰাজপথ অৱৰোধ কৰাৰ লগতে ধূলিজান বাসী ৰাইজ ,দল সংগঠন একগোট হৈ মৃত ব্যক্তিৰ পৰিয়াললৈ ক্ষতিপূৰণ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মৃত বলীন গোহাঁইৰ পত্নী সহ অধ্যনৰত দুগৰাকীকৈ কন্যা সন্তান আছে। নিথৰুৱা পত্নীক পোহপাল দিয়া আৰু পিতৃহাৰা কন্যা সন্তান দুগৰাকীৰ পঢ়া-শুনা সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে দায়িত্ব লবলৈ তিনিচুকীয়া চক্ৰ বিষয়া যোগেদি তিনিচুকীয়া জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰতিবাদীস্থলীৰ পৰাই আজি প্ৰেৰণ কৰে।

প্ৰেৰক অখিল চন্দ্ৰ বৰুৱা

You might also like