নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ মাজৰচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ ৰাইজ-শিক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ২৭ জুন : বৰপেটাৰ চেঙাৰ মাজৰচৰত বিদ্যুৎ বিভাগৰ লুকাভাকু আৰু নাটনিত অতিষ্ঠ হৈ পৰিছে ৰাইজ। উপায়বিহীন হৈ বিদ্যুৎ সেৱাৰ সংস্কাৰ বিচাৰি ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে | বৃহত্তৰ অঞ্চলটোত বিদ্যুৎ সংযোগ দিয়াৰে পৰা কম ভল্টেজৰ সমস্যাত ভুগি থকাৰ অভিযোগ উত্থাপন হৈছে | গাঁওখনত দিনে-নিশাই কম ভল্টেজ, সন্ধিয়া পৰত মাজৰচৰত ইমানেই বিদ্যুতৰ সমস্যা দেখা দিয়ে যে ফেন, বাল্ব আদি অকামিলা হৈ পৰে বুলিও অভিযোগ কৰে | ছাত্ৰ-ছাত্ৰীয়ে সন্ধিয়া মমবাতি বা চাকি জ্বলাইহে পঢ়া-শুনা কৰিবলগীয়া হোৱাৰ কথাও সদৰী কৰে | এই সমস্যা সন্দৰ্ভত বিদ্যুৎ বিভাগৰ ধূপধৰা উপ-সংমণ্ডলীয় কাৰ্যালয়ত বাৰম্বাৰ অৱগত কৰা সত্ত্বেও কোনো সুফল নোপোৱা বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰে | উপায়হীন হৈ গাওঁবাসীয়ে বিদ্যুৎ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, ধূপধৰা এছডিঅ’ হায় হায়, বিদ্যুতৰ সমস্যা সমাধান কৰক আদি শ্ল’গানেৰে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like