নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰা, সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাসিন্দাসকলৰ সকলো চৰকাৰী প্ৰশাসনিক কাম কাজ ভৱানীপুৰ সৰভোগ সমষ্টিৰ হবলগীয়া উপজিলাৰ সদৰৰ পৰিবৰ্তে বজালী জিলা আয়ুক্ত কাৰ্যালয়ত বাহাল ৰখাৰ দাবীত চৰকাৰৰ সুমতি বিচাৰি আজি নাম প্ৰসংগৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে বজালীৰ বৃহত্তৰ পুঠিমাৰী, মেধিকুছি, উজানবৰবড়ী, শিয়ালমাৰী, চেকীৰ লগতে অঞ্চলটোৰ ৰাইজে৷ উত্তৰ পূব হস্তিনাপুৰ উন্নয়ন সমিতিৰ উদ্যোগত,অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ পূব হস্তিনাপুৰ আঞ্চলিক সমিতি, বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত পুঠিমাৰী চক বজাৰৰ ভকতৰভিঠা নামঘৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীত অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ স্বতঃস্ফূৰ্তভাবে ওলাই আহি চৰকাৰৰ সুমতি বিচৰাৰ লগতে স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ সুমতি বিচাৰে৷ উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেট বৈঠকৰ এক সিদ্ধান্তযোগে যোৱা ২ অক্টোবৰত মাত্ৰ বজালী বিধানসভা সমষ্টিক লৈ ক্ষুদ্ৰ বজালী জিলা ঘোষণা কৰি কাইলৈৰ পৰা অৰ্থাৎ ১১ অক্টোবৰৰ পৰা বজালী জিলাৰ প্ৰশাসনিক কাম কাজ আনুষ্ঠানিকভাবে আৰম্ভ হব বুলি ঘোষণা কৰাৰ পাছতে বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজে পূৰ্বৰ বজালী মহকুমাতকৈও ক্ষুদ্ৰ বজালী জিলা কোনোকাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে৷ বজালী জিলাত অন্তৰ্ভূক্ত নোহোৱা বজালীৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে বিশেষকৈ দীৰ্ঘদিনৰে পৰা বজালীৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অহা অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহসমষ্টি ভৱানীপুৰ সমষ্টিৰ বেছিভাগ অঞ্চল বজালী জিলাত অন্তৰ্ভূক্ত নোহোৱাত এতিয়া চৌদিশে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে ক্ষোভ উজাৰিছে ৰাইজে৷ কালি বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত আৰু বজালীৰ বিভিন্ন দল সংগঠনৰ সহযোগত পাঠশালাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি বজালীৰ পুঠিমাৰীত নাম প্ৰসংগৰে চৰকাৰৰ সুমতি বিচাৰি অভিনব প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ পূব হস্তিনাপুৰ উন্নয়ন সমিতিৰ সভাপতি নিৰঞ্জন চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী দিপুল পাটগিৰীয়ে উদাত্ত ভাষণৰে ক্ষুদ্ৰ বজালী জিলা কোনোকাৰণতে মানি লোৱা নহব বুলি উল্লেখ কৰি ৰাইজৰ দুৰ্দশাৰ সময়ত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ কিয় নিমাত, ৰাইজৰ ভোটেৰে ৰাজপাট দখল কৰা বিধায়ক ফণীধৰ তালুকদাৰে নিজৰ গাঁওখনক বজালী জিলাত অন্তৰ্ভূক্তি কৰি খিলঞ্জীয়াৰে ভৰি থকা দাতিকাষৰীয়া গাঁওসমূহক বজালী জিলাত অন্তৰ্ভূতি কৰাৰ পৰা বঞ্চিত কৰিলে বুলি বিধায়কগৰাকীৰ সুমতি বিচাৰি ৰাইজৰ পক্ষ লবলৈ আহ্বান জনায়৷ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰে কাৰোবাক অন্তৰ্ভূক্ত কৰাৰ স্বাৰ্থত বজালীৰ লগত ওত:প্ৰোতভাবে জড়িত হৈ অহা পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ ৰাইজক বঞ্চিত কৰিব নোৱাৰিব৷ সমষ্টি পুনৰনিৰ্ধাৰণৰ কৰাৰ অচিলা লৈ এইক্ষেত্ৰত বিধায়ক ফণীধৰ তালুকদাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি এটা বিধায়কগৰাকী শুই থাকিলে নহব, ৰাইজৰ পক্ষ লওক নহলে অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তৰ পূব হস্তিনাপুৰ উন্নয়ন সমিতি আৰু ৰাইজৰ সহযোগত জিলাৰ সদৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে৷ কি কাৰণত বজালী জিলাৰ পৰা পূৰ্বৰে পৰা থকা অঞ্চলবোৰ কৰ্তন কৰিব তাৰ বাবে চৰকাৰৰ জবাবদিহি হব লাগিব বুলি উল্লেখ কৰি নেতাগৰাকীয়ে ৰাইজৰ পক্ষত নথকা বিধায়ক ফণীধৰ তালুকদাৰক তেওৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীক তীব্ৰ কটাক্ষ কৰে৷ অনুষ্ঠানত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰ, সমাজকৰ্মী কুমুদ তালুকদাৰ, পুলক তালুকদাৰ, অনিল চৌধুৰী আদিয়ে সমষ্টি পুনৰনিৰ্ধাৰণৰ নামত শ্বহীদৰ গৃহসমষ্টি ভৱানীপুৰৰ ৰাইজক চৰকাৰে চূড়ান্তভাবে প্ৰতাৰণা কৰিলে বুুলি মন্তব্য কৰি ৰাইজ জাগিছে আৰু জাগিব আৰু অনাগত সময়ত যিকোনা প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে৷ চৰকাৰৰ সুমতি বিচাৰি নাম প্ৰসংগ কাৰ্যসূচীত কেবাটাও মহিলা বীৰনাম, নাগাৰা নাম, থিয়নাম দলে নাম মন্দিৰৰ সন্মুখত নাম প্ৰদৰ্শন কৰি চৰকাৰ আৰু বিধায়ক ফণীধৰ তালুকদাৰৰ সুমতি বিচাৰে৷ ইপিনে কাইলৈ বজালী জিলাত ভৱানীপুৰ সৰভোগ সমষ্টি অন্তৰ্ভূতি নোহোৱাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, পূব হস্তিনাপুৰ আঞ্চলিক সমিতি, উত্তৰ পূব হস্তিনাপুৰ উন্নয়ন সমিতিৰ উদ্যোগত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷
প্ৰেৰকঃ কল্যাণ কলিতা