নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ভিন্ন স্থানত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

🔹 অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ জনসাধাৰণ

নিয়মীয়া বাৰ্তা,  ৩ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত কেইদিনমান ধৰি অনিয়মীয়া বিদ্যুৎ যোগানে সৰ্বসাধাৰণক অধিক অতিষ্ঠ কৰি তুলিছে। লাহৰীঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ বিৰুদ্ধে লাহৰীঘাটৰ বিভিন্ন স্থানত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত ৰাজপথত নামিবলগীয়া হৈছে ৰাইজ। আজি লাহৰীঘাটৰ বোৱালগুৰিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গ্ৰাহকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে বিদ্যুতৰ বিল লৈ আজি এনেদৰে লাহৰীঘাট বিদ্যুৎ উপ-সংমণ্ডলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অনিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুতৰ মাহেকীয়া বিলত অতিৰিক্ত মাচুল বঢ়াই গ্ৰাহকক হাৰাশাস্তি কৰি অহাৰ অভিযোগত বোৱালগুৰিৰ গ্ৰাহকসকলে এনেদৰে বিভাগটোৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰে। আনকি প্ৰতিবাদী ক্ষুব্ধ গ্ৰাহকসকলে অকৰ্মণ্য বিভাগটোৰ বিদ্যুৎ নালাগে আমাক বুলিও আক্ষেপ প্ৰকাশ কৰে। লগতে সদায় এনে পৰিস্থিতি হৈ থাকিলে বিদ্যুৎ উপ-সংমণ্ডলটোৰ কাৰ্যালয় ঘেৰাও কৰিব বুলিও সকীয়াই দিয়ে। আনহাতে, টেঙাগুৰিতো আজি বিদ্যুৎ নিয়মীয়াকৈ যোগানৰ দাবীত ৰাইজে উত্তাল প্ৰতিবাদ কৰে। শীঘ্ৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

প্ৰেৰক আবুল কালাম

You might also like