১৯৭ হাইস্কুল–৯ উচ্চতৰ মাধ্যমিক বিদ্যালয়–১৪৯ জুনিয়ৰ কলেজ প্রাদেশিকীকৰণ
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ দীঘলীয়া সমস্যাৰ অন্ত পেলাই সুদীর্ঘ ৬ বছৰৰ অন্তত মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা সঞ্চালকালয়ে কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৩৫৫খন বিদ্যালয় প্রাদেশিকীকৰণৰ তথ্য৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰি জানিবলৈ দিয়ে যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ১৯৭খন হাইস্কুল, ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৪৯খন জুনিয়ৰ কলেজ প্রাদেশীকৃত কৰিছে৷
ৰাজ্যপালে ইতিমধ্যে আনুষ্ঠানিকভাৱে এই প্রাদেশিকীকৰণত অনুমোদনো জনাইছে৷ জনতা ভৱনত এখন সংবাদ মেল আয়োজন কৰি শিক্ষামন্ত্রীগৰাকীয়ে এই ঘোষণা কৰাৰ লগতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা ২৭খন মহাবিদ্যালয় প্রাদেশীকৃত কৰাৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় ২০১১ চনৰ পৰা আৰম্ভ হোৱা বিদ্যালয় প্রাদেশিকীকৰণৰ প্রক্রিয়া ২০১৪ চনৰ পাছত বিভিন্ন কাৰণত হঠাৎ বন্ধ হৈ পৰিছিল৷ ২০১৪ চনৰ পৰা সুদীর্ঘ ছয় বছৰ কাল প্রাদেশিকীকৰণৰ বিষয়টো ওলমি থকাৰ পাছত শেহতীয়াকৈ বিদ্যালয় আৰু শিক্ষক–কর্মচাৰীৰ পদ প্রাদেশিকীকৰণৰ বাবে শিক্ষা বিভাগে আৰম্ভ কৰে তৎপৰতা৷ এই প্রক্রিয়াৰ ফলস্বৰূপে মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ অধীনত ৩৫৫খন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ হোৱাত ইয়াৰ দ্বাৰা উপকৃত হ’ব ৩,০৪৯গৰাকী শিক্ষক৷ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত এই শিক্ষকসকলৰ পদো প্রাদেশিকীকৰণ কৰা হৈছে৷ আনহাতে, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৯৩১গৰাকী অধ্যাপকৰ পদ প্রাদেশীকৃত কৰা হৈছে৷ ইয়াৰে ৬৯০টা পদ পূর্বে প্রাদেশিকীকৰণৰ পৰা বাদ পৰি যোৱা পদ আৰু ২৪১টা নতুনকৈ প্রাদেশীকৃত কৰা পদ৷ মুঠ পদৰ সংখ্যা হ’ল ৩,৯৮০৷
কালি বিদ্যালয় আৰু শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ এই তালিকা মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত মুকলি কৰি দিয়া হয়৷ ইফালে শিক্ষামন্ত্রীগৰাকীয়ে কালি উল্লেখ কৰে যে ছেপ্ঢেম্বৰ মাহৰ প্রথম সপ্তাহতে ৭,৪৪০টা হাইস্কুল শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ব৷ ইতিমধ্যে সম্পন্ন হৈ যোৱা হাইস্কুল টেটত উত্তীর্ণ হোৱাসকলে এই বিজ্ঞাপনৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ আনহাতে, সকলো ঠিকে–ঠাকে থাকিলে অহা ডিচেম্বৰত এই পদসমূহৰ বিপৰীতে নিযুক্তি প্রদান কৰা হ’ব৷ ইফালে অহা ২৭ আগষ্টত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৩০০ প্রাথমিক শিক্ষকক নিযুক্তি প্রদান কৰা হ’ব৷
শিক্ষামন্ত্রী ড০ শর্মাই এই সন্দর্ভত জানিবলৈ দিয়া মতে, ১১ হাজাৰ শিক্ষক পদৰ বিপৰীতে এই নিযুক্তিসমূহ প্রদান কৰা হ’ব৷ অৱশ্যে ২৭ আগষ্টত ক’ভিড পৰিস্থিতিৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি মাত্র ৩০০গৰাকী প্রার্থীক প্রতীকী ৰূপত নিযুক্তি–পত্র প্রদান কৰা হ’ব৷ বাকীসকলৰ নিযুক্তি ৱেবছাইটযোগে মুকলি কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে ইয়াৰ জৰিয়তে কিমানসংখ্যক প্রার্থীয়ে নিযুক্তি পাব, সেয়া এতিয়াও থিৰাং হোৱা নাই যদিও বিজ্ঞাপনত প্রকাশ পোৱা ৯,৬৩৫টা পদৰ বিপৰীতে নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব৷ আনহাতে, অহা ৫ ছেপ্ঢেম্বৰৰ শিক্ষক দিৱসৰ কার্যসূচী ক’ভিড প্রট’কল অনুসৰি পালনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ শিক্ষামন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয়– শিক্ষক দিৱসৰ ৰাজ্যিক অনুষ্ঠান ১৫০গৰাকী শিক্ষকক লৈ অনুষ্ঠিত হ’ব৷ আনহাতে, জিলা পর্যায়ত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানত উপস্থিত থাকিব ৫০গৰাকী শিক্ষক৷ এনে অনুষ্ঠানত উপস্থিত নাথাকিব ছাত্র–ছাত্রী৷