বিশেষ বাৰ্তা, ১৩ জুনঃ দৰিদ্ৰৰ ভোক নিবাৰণৰ বাবে অহা শ-শ কুইণ্টল চৰকাৰী চাউল পেলাই দিয়া হল পুখুৰীত। আজি এনে দৃশ্য দেখি সকলোৰে চকু কপালত উঠিছে।ডিব্ৰুগড়ৰ জকাই শৰাইঘাটত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল পুখুৰীত উদ্ধাৰ হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।জকাইৰ হাবিৰ মাজত থকা এক পুখুৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বস্তাই বস্তাই চাউল উদ্ধাৰ হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে সৰব চৰ্চা চলিছে। অসমৰ দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চাউল কিদৰে পুখুৰীত পৰিল সেয়া কাৰোৰে ওচৰত সুদুত্তৰ নাই।কোনে আৰু কিয় তেনেদৰে পেলাই গ’ল,সেইয়াও অবুজ সাথৰ হৈয়ে ৰল।ডিব্ৰুগড় জিলাত কিছুদিন পূৰ্বে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ লগতে কেইবাজনো সমবায় এজেণ্টসহ সমবায় সমিতিৰ বিষয়ববীয়া গ্ৰেপ্তাৰ হৈছিল।সেই সময়ত যোগান বিভাগে কেইবা কুইণ্টল চাউলো জ্বব্দ কৰিছিল।উল্লেখ্য যে জিলাখনৰ কেইবাখনো সমবায় সমিতিৰ অন্তৰ্গত হিতাধীকাৰিয়ে নিজৰ নামত আবন্তিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিছাৰি আন্দোলন কৰিছিল আৰু তেনে সময়তে পুখুৰীত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে সমবায় সমিতিৰ কুইণ্টল কুইণ্টল চাউল।এমুঠি অন্নৰ বাবে দুখীয়া দৰিদ্ৰ জনগণে হাবাথুৰি খোৱাৰ সময়তে এনদৰেই চৰকাৰী চাউল পুখুৰীত পৰি থকা দৃশ্যই সকলোকে হতবাক কৰি তুলিছে।নিজৰ দুৰ্নীতি ঢাকি ৰখাৰ উদ্দেশ্যে এনেদৰে কোনো দুৰ্নীতি গ্ৰস্ত সমবায় এজেণ্ট বা সমবায় সমিতিৰ বিষয়ববীয়াই কলা বজাৰত বিক্ৰী কৰিব নোৱাৰি, হিতাধিকাৰীলৈ যোগান নধৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।ডিব্ৰুগড় মানকটা সমবায় সমিতিৰ অন্তৰ্গত হৰেঘাটত এনেদৰে প্ৰায় ৫০ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল পেলাই দিয়াৰ ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।দুখীয়া দৰিদ্ৰ মুখৰ পৰা কাঢ়ি আনি এনেদৰে নিজৰ দুৰ্নীতি কেলেংকাৰী থাকিবলৈ যত্ন কৰা সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক বিভাস দুৱৰা