চাবাচ জনস্বাস্থ্য! পুখুৰী–জংঘল–লাউৰ চাঙতো স্থাপন পানী যোগানৰ টেপ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ বিশুদ্ধ খোৱাপানী যোগানেৰে ৰোগমুক্ত আৰু সুস্থ মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে বর্তমান ৰাজ্যত ৰূপায়ণ কৰি থকা অভিলাষী ‘জল জীৱন অভিযান’ শীর্ষক আঁচনিখন পালমৰা আৰু নিম্নমানৰ সামগ্রীৰে কৰা কামৰ বাবে কার্যতঃ অসাৰ হোৱাৰ উপক্রম হৈছে৷ ৰাজ্যৰ বিভিন্ন জিলাত আঁচনিখনৰ কাম কৰি থকা হৈছে যদিও ইয়াৰ কামৰ নমুনাৰ পৰা এই কথা একপ্রকাৰ স্পষ্ট হৈ পৰিছে৷
উদাহৰণস্বৰূপে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কমলপুৰ উপ–সংমণ্ডল কার্যালয়ৰ অধীনৰ বিভিন্ন গাঁৱত থকা কেইবাটাও মৃতপ্রায় বিশুদ্ধ খোৱাপানী যোগান কেন্দ্র পুনৰ মেৰামতিৰ জৰিয়তে ঘৰে ঘৰে পানীৰ নল (টেপ) স্থাপন কৰি থকা হৈছে যদিও ঠিকাদাৰৰ অপৰিকল্পিত আৰু বিসংগতিপূর্ণ কামৰ নমুনা দেখি তথা পূর্বৰ অভিজ্ঞতাৰ পৰা ৰাইজে অভিলাষী আঁচনিখনক লৈ সন্তুষ্ট হ’ব পৰা নাই৷
উল্লেখ্য যে আশী–নব্বৈৰ দশকত লাখ লাখ টকা ব্যয় কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে কমলপুৰ উপ–সংমণ্ডলৰ অধীনৰ বিশেষকৈ খেপকুছি, গণকঝাৰ (টেঙাবাৰী), পূব পালোক্রা, বৰডাঙেৰীকুছি, ধুলাৰা আদি গাঁৱত বিশুদ্ধ খোৱাপানী যোগান কেন্দ্র স্থাপন কৰিছিল৷ এই কেন্দ্রকেইটাৰ পৰা বিশুদ্ধ খোৱাপানী পাব বুলি ৰাইজে বহু আশা কৰিছিল৷ পিছে অভিযোগ অনুসৰি বিভাগটোৰ একাংশ অসাধু বিষয়া, অভিযন্তা আৰু ঠিকাদাৰে দুর্নীতিৰ আশ্রয় লৈ বিসংগতিপূর্ণভাৱে কাম সম্পূর্ণ কৰাত উক্ত পানী যোগান কেন্দ্রৰ পৰা মাত্র কেইদিনমানহে ৰাইজে পানী পাবলৈ সক্ষম হৈছিল৷ ইয়াৰ কিছু দিন পাছতে কেন্দ্রকেইটাৰ পৰা পানী যোগান বন্ধ হৈ পৰে৷ ফলত কেন্দ্রকেইটাৰ পৰা গঞা ৰাইজে বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হ’ব লগা হয়৷ যাৰ বাবে এইবাৰো অনুৰূপ অৱস্থা হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে৷
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ‘জল জীৱন অভিযান’ আঁচনিৰ জৰিয়তে উক্ত পুৰণি পানী যোগান কেন্দ্রকেইটাৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা ধার্য কৰি নিবিদা আহ্বান কৰে৷ নিবিদা অনুযায়ী ঠিকা লাভ কৰা একাংশ ঠিকাদাৰে পানী যোগান কেন্দ্র মেৰামতি আৰু পানীৰ নল স্থাপনৰ কাম আৰম্ভ কৰে৷ কিন্তু এই কামত এইবাৰো দুর্নীতি আৰু অনিয়মৰ আশ্রয় লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে পূবপাৰলোক্রা বিশুদ্ধ খোৱাপানী যোগান কেন্দ্রৰ গৃহটোৰ মেৰামতি প্রাক্কলন অনুসৰি কৰা হোৱা নাই৷ মেৰামতিৰ বাবদ ৩৩ লাখ টকা ধার্য কৰা কেন্দ্রটোত অহা–যোৱা কৰা পথটো নির্মাণ কৰা হৈছে পূর্বতে কেন্দ্রটো মেৰামতি কৰোঁতে ৰৈ যোৱা বালিৰে৷ কেন্দ্রটোৰ দর্জা–খিৰিকীবোৰ জৰাজীর্ণ হৈ পৰিছে যদিও নতুনকৈ লগোৱা নাই৷ বহুকেইটা পৰিয়ালৰ ক্ষেত্রত পুৰণি পাইপত নতুন পাইপ সংযোগ কৰি ঘৰৰ সন্মুখত পানীৰ টেপ স্থাপন কৰিছে৷
পানী পৰিবাহী পাইপবোৰ পোতাৰ বাবে খন্দা গাঁতবোৰ বহু ঠাইত উন্মুক্ত অৱস্থাত থৈ দিয়া হৈছে৷ আনহাতে ৰাস্তাৰ পৰা কিছু দূৰৈত থকা বাবেই কেইবাটাও পৰিয়ালক পানী পৰিবাহী পাইপৰ সংযোগ দিয়া হোৱা নাই৷ এই বিষয়ে গাঁৱৰ ৰাইজে জনাইছে যদিও ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ আনহাতে গণকঝাৰত (টেঙাবাৰী) মেৰামতি কৰি থকা বিশুদ্ধ খোৱাপানী যোগান কেন্দ্রটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উঠিছে৷ কেন্দ্রটোৰ পৰা প্রতিটো নলৰ বিপৰীতে বর্ধিত বিল আদায়ৰ অভিপ্রায়েৰে চতুৰ ঠিকাদাৰে জধে–মধে পানীৰ নল স্থাপন কৰাৰ আজব ঘটনা সংঘটিত কৰা বুলিও অঞ্চলটোৰ একাংশ লোকে অভিযোগ কৰিছে৷ আনকি পুখুৰী, লাওৰ চাং, জংঘলৰ মাজতো পানীৰ টেপ স্থাপন কৰা পৰিলক্ষিত হৈছে৷
বিভাগীয় সূত্রে জানিব পৰা মতে মেৰামতি কৰি পুৰণি পানী যোগান কেন্দ্রৰ পৰা প্রতিটো পৰিয়ালক পানীৰ নল সংযোগ স্থাপন কৰাৰ বাবে ১২ হাজাৰ টকাকৈ ধার্য কৰা হৈছে৷ ইযাৰ বাবে ঠিকাদাৰে প্রমাণ হিচাপে সংশ্লিষ্ট বাসিন্দাসকলৰ পৰিচয়–পত্র সংগ্রহ কৰি যিকোনো স্থানতে পানীৰ নল স্থাপনেৰে বিল বৃদ্ধি কৰাৰ অপচেষ্টা কৰা বুলি সচেতন লোকসকলে অভিযোগ কৰিছে৷ আনহাতে, খেপকুছি পানী যোগান কেন্দ্রটো মেৰামতি কৰি থকা হৈছে যদিও ইয়াৰো প্রাক্কলন অনুসৰি কাম কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ কৰে৷ অভিযোগ মতে কেন্দ্রটোলৈ অহা–যোৱা কৰা পথছোৱা কেইবাবছৰ পুৰণি ভঙা ইটা ব্যৱহাৰ কৰি নির্মাণ কৰে৷ কিন্তু ঠিকাদাৰৰ এনে অনিয়ম তদাৰক কৰিবলৈ আহৰি নাই দায়িত্ববাহী কনিষ্ঠ অভিযন্তাজনৰ৷ ফলত এনেদৰে নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ লগতে প্রাক্কলন অনুসৰি ঠিকাদাৰে কাম নকৰাৰ ফলত কেন্দ্রকেইটা মেৰামতিৰ কিছু দিন পাছতে পুনৰ বিকল হৈ পৰাৰ আশংকা কৰিছে সচেতন ৰাইজে৷
ইফালে বাক্সা জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মছলপুৰ সংমণ্ডলৰ আৰু তামুলপুৰ উপ–সংমণ্ডলৰ অধীনত থকা কেইবাটাও বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ মেৰামতিৰ কাম চলি আছে যদিও ঠিকাদাৰে প্রাক্কলন অনুসৰি কাম কৰা নাই বুলি অভিযোগ উঠিছে৷ বিভাগীয় সূত্রে জানিব পৰা মতে জিলাখনত প্রায় ৪৮টা বিশুদ্ধ খোৱাপানী যোগান আঁচনি মেৰামতিৰ কাম চলি আছে৷ কিন্তু এই আঁচনি বা কেন্দ্রকেইটা তদাৰকৰ দায়িত্বত থকা একাংশ বিষয়াই ঠিকাদাৰৰ লগত কমিছনৰ অংকত অশুভ বুজাবুজি কৰাৰ ফলত ঠিকাদাৰে নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰি কম কৰাৰ অভিযোগ উঠিছে৷ এনে অশুভ বুজাবুজি কাৰি ঠিকাদাৰে কাম কৰা বাবেই জিলাখনৰ মকলডোঙা বিশুদ্ধ পানী যোগান কেন্দ্রটো ২০১৪ চনৰ পৰা কার্যক্ষম নোহোৱাকৈ আছে৷ এই কেন্দ্রটো মেৰামতিৰ বাবে পুনৰ জল জীৱন অভিযান আঁচনিত সামৰি লোৱা হৈছে বুলি বিভাগীয় সূত্রে জানিব পৰা গৈছে৷ সেইদৰে শিলকীঝাৰ আৰু শিমলিবাৰী বিশুদ্ধ খোৱাপানী যোগান কেন্দ্র দুটা মেৰামতি কৰি থকা হৈছে যদিও ঠিকাদাৰে প্রাক্কলন অনুসৰি কাম কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷
অনুৰূপ ধৰণে জিলাখনৰ গোৰেশ্বৰ চহৰৰ সমীপৱর্তী গাৰোগাঁওস্থিত গাৰোগাঁও বিশুদ্ধ খোৱাপানী যোগান কেন্দ্রটোৰ মেৰামতিৰ কাম অলপতে সম্পূর্ণ কৰা হয় যদিও ১৫ দিনমান পানী যোগান ধৰাৰ পাছতে বর্তমানলৈকে কেন্দ্রটোৰ পানী যোগান বন্ধ হৈ আছে৷ অসমত জল জীৱন অভিযানৰ কাম কিদৰে চলি আছে, এয়া মাথোঁ কেইটামান উদাহৰণহে৷ ৰাজ্যত প্রতিটো পানী যোগান কেন্দ্র মেৰামতি আৰু নতুনকৈ নির্মাণ কৰাৰ নামত লাখ লাখ টকা ধার্য কৰা হৈছে৷ চৰকাৰে বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ নামত এইদৰে কোটি কোটি টকা ব্যয় কৰি অহাত বিভাগটোৰ শ শ বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ বাবে পানী যোগান কেন্দ্রসমূহ সোণৰ কণী পৰা হাহত পৰিণত হৈছে৷ কিন্তু এনেদৰে কোটি কোটি টকা ব্যয় কৰাৰ পাছতো ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ব লগা হোৱাৰ উপক্রম হোৱাত প্রধানমন্ত্রীৰ বহুচর্চিত ‘ঘৰ ঘৰ পে নল, নল পে জল’ শ্লোগান অসাৰ হোৱাটো একপ্রকাৰ নিশ্চিত হৈছে৷