নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত আপোচহীন সংগ্ৰামী প্ৰণৱজিৎ চলিহালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : অসম আন্দোলনৰ বজ্ৰকন্ঠ, আপোচহীন সংগ্ৰামী, জাতিপ্ৰেমী, সিংহপুৰুষ প্ৰণৱজিৎ চলিহাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ঐক্যসেনা অসমে নগৰৰ দলমুখ চাৰিআলিত আজি সন্ধিয়া অনুস্থিত কৰে ৷ ঐক্যসেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই আঁত ধৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মম প্ৰজ্বলন কৰে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব তথা প্ৰণৱজিৎ চলিহাৰ পুত্ৰ শৃংখল চলিহাই। পিতৃক স্মৃতিচাৰণ কৰি শৃংখল চলিহাই পিতৃৰ পদাংক অনুসৰণ কৰি মৃত্যু পৰ্যন্ত দেশ আৰু জাতিৰ সেৱাত নিজকে উচৰ্গা কৰিব বুলি উল্লেখ কৰাৰ লগতে কোনো ক্ষেত্ৰতে আপোচ নকৰাকৈ আই অসমীৰ অস্তিত্ব সুৰক্ষাৰ বাবে জাতীয় সৈনিক হিচাপে কাম কৰি যাব বুলি কয়। অসমৰ দৰিদ্ৰ জনতা আমাৰ বন্ধু আৰু শোষক শ্ৰেণী সদায় আমাৰ শত্ৰু হৈ আছে আৰু থাকিব বুলি শৃ্ংখল চলিহাই মন্তব্য কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ দি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই কয় যে প্ৰণৱজিৎ চলিহাৰ অবৰ্তমানত অসমৰ জাতীয়তাবাদী শিবিৰ পিতৃহাৰা হ’ল ৷ এইগৰাকী আপোচহীন সংগ্ৰামীৰ জাতীয় সত্তা-জাতীয় প্ৰেমক স্বয়ং আলফায়ো স্বীকৃতি প্ৰদান কৰিছে। প্ৰণৱজিৎ চলিহাৰ সাহস আৰু দেশপ্ৰেম নৱপ্ৰজন্ম্ই আদৰ্শ হিচাপে গ্ৰহণ কৰা উচিত বুলি বড়াই মন্তব্য কৰে। এই অনুষ্ঠানত সমাজকৰ্মী প্ৰিন্স হাজৰিকা, প্ৰাঞ্জল খনিকৰ, বকুল বৰঠাকুৰ আদিয়েও চলিহাৰ স্মৃতিচাৰণ কৰি বাকৰুদ্ধ হৈ পৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like