শুৱালকুছিত হাজাৰ হাজাৰে সমস্বৰে চিঞৰিলে– ‘২০২১ত নির্বাচন খেলিবই লাগিব ড০ হিমন্ত বিশ্ব শর্মাই’
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ ৰাজ্যৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহ নাই বুলি প্রকাশ কৰাৰ পিছত ইয়াকে লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে নিজ সমষ্টি জালুকবাৰীত৷ শুকুৰবাৰে এনে প্রতিক্রিয়াৰ বহিঃপ্রকাশ পৰিলক্ষিত হ’ল জালুকবাৰী সমষ্টিৰ অন্তর্গত শুৱালকুছিত৷ শুকুৰবাৰে শুৱালকুছিত মৈত্রী আঁচনিৰ অধীনত নির্মাণ কৰা শুৱালকুছি থানাৰ নৱনির্মিত ভৱন উদ্বোধন অনুষ্ঠানত অংশ ল’বলৈ মুখ্যমন্ত্রীৰ সৈতে উপস্থিত হৈছিল স্থানীয় বিধায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ শুৱালকুছিত উপস্থিত হোৱাৰ লগে লগে মন্ত্রী শর্মাৰ গাড়ীখন সমষ্টিৰ সহস্রাধিক লোকে ঘেৰাও কৰি ধৰে৷ গাড়ীৰ পৰা মন্ত্রীগৰাকী নমাৰ লগে লগে তেওঁ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উপস্থিত সমষ্টিবাসী ৰাইজে সমস্বৰে আপোন বিধায়কজনক জানিবলৈ দিয়ে৷ তেওঁক শীঘ্রে সিদ্ধান্ত সলনি কৰিবলৈও জোৰদাৰ দাবী জনায় উপস্থিত ৰাইজে৷ ‘আপুনি সিদ্ধান্ত সলনি কৰক আৰু জালুকবাৰী সমষ্টিবাসী ৰাইজৰ বাবেই নির্বাচনত অৱতীর্ণ হওক৷ আপুনি কোনো কাৰণতে জালুকবাৰী সমষ্টি এৰি যাব নোৱাৰে৷’ ইফালে, মন্ত্রী ড০ শর্মাৰ কোনো উত্তৰলৈ বাট নাচাই তেওঁ সিদ্ধান্ত সলনি নকৰিলে জালুকবাৰীৰ সকলো দলীয় কর্মী আৰু শুভাকাংক্ষী ৰাইজে আমৰণ অনশনৰ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলিও স্পষ্ট কৰি দিয়ে উপস্থিত জনতাই৷ ইয়াৰ পিছতে শুভাকাংক্ষী আৰু দলীয় কর্মীসকলে হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনিৰে শুৱালকুছিৰ থানাৰ চৌহদ মুখৰিত কৰি তোলে৷ আনহাতে মন্ত্রী ড০ শর্মাই এই সম্পর্কত কোনো মন্তব্য নকৰাত অনুষ্ঠানৰ শেষত পুনৰ সমষ্টিবাসী ৰাইজে একে দাবীৰে মন্ত্রীজনক প্রায় ঘেৰাও কৰাৰ দৰে অৱস্থাৰ সৃষ্টি কৰে৷ অৱশ্যে মন্ত্রী ড০ শর্মা পূর্বৰ দৰেই হাঁহি–মাতি জিন্দাবাদ ধ্বনিৰ মাজৰে মুখ্যমন্ত্রীৰ সৈতে গুৱাহাটীলৈ ৰাওনা হয়৷ উল্লেখ্য যে মন্ত্রী ড০ শর্মাই নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ বিষয়ে প্রকাশ কৰাৰ পিছতে জালুকবাৰী সমষ্টিত ধাৰাবাহিকভাৱে সমষ্টিবাসী ৰাইজে তেওঁক নির্বাচনত অৱতীর্ণ হ’বলৈ আহ্বান জনাই আহিছে৷
ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে
পাণ্ডুত নাগৰিক সমিতিৰ উদ্যোগত প্রতিবাদী কার্যসূচী পালন
অসমৰ স্বাস্থ্য, বিত্ত, গড়কাপ্ঢানী আৰু শিক্ষা বিভাগৰ মন্ত্রী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি শেহতীয়াকৈ কৰা ঘোষণাৰ পিছত ৰাজ্যৰ ৰাজনৈতিক মহলৰ লগতে সমষ্টিটোৰ সর্বত্র প্রতিক্রিয়া অব্যাহত আছে৷ ২৭ আগষ্টত পাণ্ডুৰ ষ্টেচন ক’লনী, শুৱালকুছিকে ধৰি জালুকবাৰী সমষ্টিৰ বিভিন্ন প্রান্তত একাংশ লোকে ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণাৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী পালন কৰাৰ পিছত আজি পাণ্ডুৰ ২ নং ৱার্ড নাগৰিক কমিটীৰ উদ্যোগত কমিটীৰ কার্যালয়ৰ সন্মুখত প্রতিবাদী কার্যসূচী পালন কৰা হয়৷ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কার্যসূচীত ২নং ৱার্ড নাগৰিক কমিটীৰ সভাপতি তথা গুৱাহাটী পৌৰ নিগমৰ প্রাক্তন ডেপুটী মেয়ৰ কমল দে’, শোভা গুপ্তা, নাৰু চক্রৱর্তী, দয়া বড়ো, শংকৰ কুণ্ডুকে ধৰি কেইবাজনো বক্তাই ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি যি সিদ্ধান্ত গ্রহণ কৰিছে সেই ঘোষণা অনতিপলমে অসমবাসী ৰাইজৰ স্বার্থত প্রত্যাহাৰ কৰিবলৈ দাবী জনায়৷ যোৱাবাৰ যেনেকৈ সমষ্টিত এদিনো প্রচাৰাভিযান নকৰাকৈয়ে তেওঁক ৰাইজে যেনেকৈ বিপুল ভোটত বিজয়ী কৰিছিল, এইবাৰো ৰাইজে তেওঁক পুনৰ বিজয়ী কৰি বিধানসভালৈ পঠিয়াব বুলি কেইবাজনো বক্তাই সদৰী কৰে৷ প্রতিবাদী কার্যসূচীত ভাগ লোৱাসকলে ড০ হিমন্ত বিশ্ব শর্মাৰ সমর্থনত বিভিন্ন ধ্বনি দি আকাশ–বতাহ মুখৰিত কৰি তোলে৷