নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুনিয়াদী স্তৰৰ ৫টা শ্রেণীৰ বাবে বিজ্ঞানসন্মত পাঠ্যপুথি প্রকাশ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: জাতীয় আদর্শ শিক্ষা সংসদৰ তৎপৰতাত ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ৰ মূল ধাৰণা ‘খেল–ধেমালি আৰু কাম–কাজেৰে শিক্ষা’ৰ আধাৰত বুনিয়াদী স্তৰৰ শ্রেণীসমূহ (৩–৪, ৪–৫, ৫–৬, ৬–৭, ৭–৮ বছৰীয়া)ৰ বাবে এলানি শিশু–উপযোগী পাঠ্যপুথি বিজ্ঞানসন্মত পদ্ধতিৰে প্রকাশ কৰা হৈছে৷

অসমীয়া শিক্ষাৰ বাবে ‘সুৱদি পাঠ’ আৰু ইংৰাজীৰ বাবে ‘বাটাৰ ফ্লাই’ পাঁচটা শ্রেণীৰ বাবে প্রকাশ পাইছে৷ গণিতৰ বাবে ‘সহজ গণিত’, বিজ্ঞানৰ আদি পাঠ ‘আমাৰ পৰিৱেশ’ আৰু চিত্রাংকনৰ বাবে ‘চিত্র কানন’ দুটা ভাগত ৫–৬, ৬–৭, ৭–৮ বছৰীয়া শ্রেণীৰ বাবে প্রকাশ পাইছে৷ পাঠ্যপুথিসমূহ মূলতঃ সংসদৰ অনুমোদিত বিদ্যালয়সমূহৰ বুনিয়াদী স্তৰৰ ক্রমে কুঁহি, পাহি, পৰাগ, পুষ্প আৰু পল্লৱ নামকৰণ কৰা পাঁচোটা শ্রেণীৰ বাবে প্রস্তুত কৰা হৈছে৷

অৱশ্যে আন আন বিদ্যালয়, কিণ্ডাৰগার্টেন বা অভিভাৱকে নিজৰ সন্তানৰ বাবেও এয়া উপযোগী হ’ব৷ পুথিসমূহৰ ছপা কাম অতি উচ্চ মানৰ আৰু শিশুৰ বাবে মনোগ্রাহী হৈছে৷ লক্ষণীয় যে এনে উন্নত মানৰ পুথি অসমীয়াত বুনিয়াদী স্তৰৰ বাবে এয়া প্রথম৷ মূল্য লাভ নৰখাকৈ নির্ধাৰণ কৰা হৈছে৷ এই পাঠ্যপুথিসমূহ অসম সাহিত্য সভাৰ দীঘলীপুখুৰী পাৰৰ কার্যালয় প্রাংগণত থকা প্রশান্ত বিশ্ব শর্মা স্মাৰক ভৱনত নতুবা পাণবজাৰৰ অশোক বুক ষ্টলত উপলব্ধ৷

শিশু বা বিদ্যালয়ৰ বাবে যদি এনে কিতাপৰ প্রয়োজন তেন্তে সংসদৰ উপসচিব বিষ্ণু ডেকা (৯৪৩৫০–০০২৮৪)ক যোগাযোগ বা ইমেইল [email protected]) কৰিবও পাৰে৷ সংসদৰ ৱেবছাইট shikshsansad.orgৰ ‘অনলাইন বুক ষ্টৰ’ৰ যোগেৰেও পুথিসমূহ উপলব্ধ৷

You might also like