নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত মাওবাদীৰ আক্রমণ: নিৰাপত্তা বাহিনীৰ শ্বহীদ জোৱানৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: মাওবাদীৰ বিৰুদ্ধে অভিযানকাৰী নিৰাপত্তা বাহিনীৰ দল এটাৰ ওপৰত শনিবাৰে নিষিদ্ধ মাওবাদীয়ে ভয়াৱহ আক্রমণ চলোৱাত বৰ্তমানলৈকে ২২ জন নিৰাপত্তা বাহিনীৰ জোৱান শ্বহীদ হৈছে৷

বিৱৰণী মতে ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ তাৰেম অঞ্চলত চিআৰপিএফ, ডিআৰজি আৰু এছটিএফৰ যুটীয়া বাহিনীয়ে অভিযান চলাবলৈ যাওঁতেই মাওবাদীয়ে প্রচণ্ড আক্রমণ চলায়৷

উল্লেখ্য যে কিছুদিন পূর্বে ৰাজ্যখনৰে নয়নপুৰ জিলাত ডি আৰ জিৰ জোৱান কঢ়িওৱা বাছ এখন আইইডিৰে বিস্ফোৰণ ঘটোৱাত ৫জন আৰক্ষী জোৱানৰ প্রাণহানি হোৱাৰ লগতে কেইবাজনো আহত হৈছিল৷ আনহাতে সন্ধানহীন অৱস্থাত আছিল বহুকেইগৰাকী জোৱান।

You might also like