নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে ‘শিপা’ শীৰ্ষক দিনপঞ্জী প্ৰকাশ

জ্যোতিষ নাথৰ প্ৰতিবেদনঃ গ্ৰাম্যঞ্চলত শিক্ষা, কৃষি, সংস্কৃতি, ক্ৰীড়া, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত নীৰৱে সেৱা আগবঢ়াই অহা ব্যক্তিসকলৰ প্ৰতিভা ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ৰজাঘৰীয়াক দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যেৰে বিশিষ্ট সাংবাদিক-লেখক দিগন্ত বৈদ্যৰ সম্পাদনাত ‘শিপা’- শীৰ্ষক এখন বিশেষ দিনপঞ্জী প্ৰকাশ পাই আহিছে। মেজত সুন্দৰকৈ সজাই থৈ দিব পৰাকৈ স্পাইৰেল বাইণ্ডিং দিনপঞ্জীখনৰ ‘শিপা’- শব্দটো আটক ধুনীয়াকৈ অংকন কৰিছে ভাস্কৰ্য্যশিল্পী ভবেন দাসে। দিনপঞ্জীখনত জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ প্ৰত্যেক পৃষ্ঠাত শিক্ষা, কৃষি, সংস্কৃতি,ক্ৰীড়া, ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিৰ ফটো প্ৰকাশ কৰাৰ লগতে তেখেতসকলৰ জীৱনৰ বিষয়ে ফটোৰ পিছফালে সবিস্তাৰে উল্লেখ কৰা হয় ।সাধাৰণতে দিনপঞ্জী সমুহত বিশিষ্ট ব্যক্তি, বিশেষ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মীয় স্থান নাইবা দেৱ দেৱীৰ ফটো প্ৰকাশ কৰা দেখা যায় । কিন্তু ইয়াৰ বিপৰীতে বিশিষ্ট লেখক-সাংবাদিক দিগন্ত বৈদ্যৰ সম্পাদনাত প্ৰকাশ পোৱা দিনপঞ্জী ‘ শিপা’ত ভিতৰুৱা ঠাইবোৰৰ বিশেষ প্ৰতিভাবান ব্যক্তিৰ ৰঙীন ফটো আৰু তেওঁলোকৰ বিষয়ে তথ্য প্ৰকাশ কৰি দিনপঞ্জীৰ ক্ষেত্ৰখনলৈ বিশেষ শৈলী কঢ়িয়াই আনিছে। যি শৈলী ব্যতিক্ৰম আৰু সমগ্ৰ অসমতে প্ৰথম বুলি ক’ব পাৰি। দিনপঞ্জীখনৰ বন্ধৰ তালিকাৰ পৃষ্ঠা সমুহ সুন্দৰকৈ সজাই পৰাই তোলা হয়।২০২৫ বৰ্ষৰ ‘শিপা’ দিনপঞ্জীত অসমৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ সাজ-পোছাক পৰিধান কৰি সুদূৰ গুজৰাটৰ চুৰাটত আয়োজিত এক ফেশ্বন শ্ব’ প্ৰতিযোগিতাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হোৱা নেন্সী পেটেল, বৈষ্ণৱী পুনিৱালা, নেত্ৰী বাৰট, মেহেক আৰু তনভী থাকৰ নামৰ পাঁচ গৰাকী মডেলৰ ফটো প্ৰকাশ কৰিছে। গুজৰাটৰ মডেল কেইগৰাকীয়ে পৰিধান কৰা সাজ-পোছাকবোৰ চিলাইছিল কামৰূপ জিলাৰ বকোৰ শশীপ্ৰভা ৰাভা নামৰ ফেশ্বন ডিজাইনাৰ এগৰাকীয়ে। ইংৰাজী ২০২৪ চনৰ শেষৰ ফালে গুজৰাটত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ প্ৰতিযোগিতাত দেশৰে ভিতৰতে শ্ৰেষ্ঠ ফেশ্বন ডিজাইনৰ হিচাপে শশীপ্ৰভা ৰাভাই বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফেশ্বন ডিজাইনাৰ গৰাকীয়ে গৌৰৱ কঢ়িয়াই অনা মুহূৰ্তৰ ছবি দিনপঞ্জীখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাইজৰ মাজত দিনপঞ্জীখনৰ দ্বিতীয় পৃষ্ঠাটো আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠা হিচাপে বিবেচিত হৈছে। এই দ্বিতীয় পৃষ্ঠাত গোৱালপাৰা জিলাৰ ৰংজুলিৰ পৰা ‘অসমীয়া খবৰ’ কাকতত সুদীৰ্ঘ ১৫ বছৰ কাল সাংবাদিকতা কৰি অকাল বিয়োগ হোৱা নগেন দাসৰ পৰিয়ালটোৰ দুৰ্যোগৰ ছবি এখন দাঙি ধৰিছে। দিনপঞ্জীখনৰ পৃষ্ঠাটোৰ জৰিয়তে ‘অসমীয়া খবৰ’ কাকতখনৰ সাংবাদিক নগেন দাসৰ মৃত্যুৰ পিছত দুখ-দুৰ্যোগৰ সন্মুখীন হোৱা সহধৰ্মিনী সৰলা দাস আৰু চৈধ্য বছৰীয়া পুত্ৰসন্তানটিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ চৰকাৰৰ লগতে শুভাকাংক্ষী ৰাইজৰ ওচৰক আহ্বান জনোৱা হৈছে। দিনপঞ্জীখনৰ জানুৱাৰী মাহত গোৱালপাৰা জিলাৰ আগিয়াৰ চিকিৎসা বিভাগৰ ছাত্ৰী জুবলী ৰাভাৰ লগতে জুবলী ৰাভাৰ পিতৃ কপৌফুলৰ খেতিয়ক নাচেন ৰাভাক একেলগে সাঙুৰি লৈছে। ফেব্ৰুৱাৰী মাহত হেৰাই যোৱাৰ উপক্ৰম হোৱা কামৰূপ জিলাৰ বকোৰ ঢুলীয়া শিল্পী অশোক কুমাৰ ৰাভা, মাৰ্চ মাহত গোৱালপাৰা চহৰৰ ৰূপ-সজ্জাৰ শিল্পী জোনালী নাথ, এপ্ৰিল আৰু জুন মাহত গোৱালপাৰা জিলাৰ ধনুভাঙা কণ্ঠশিল্পী ক্ৰমে অঞ্জনজ্যোতি আৰু কৰবী কছাৰী , মে’ মাহত প্ৰাকৃতিক সম্পদেৰে আ-অলংকাৰ বনোৱা ঐতিহাসিক চানডুবি বিলৰ পাৰৰ শিল্পী পল্লৱ ৰাভা আৰু টিখামণি ৰাভা, জুন মাহত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ পৰিচালন সঞ্চালক মদন ৰাভা, আগষ্ট মাহত কামৰূপ জিলাৰ ছয়গাঁৱৰ লোক-নৃত্য শিল্পী নিতুমণি ৰাভা, ছেপ্টেম্বৰ মাহত পুথিভঁৰালেৰে গ্ৰন্থ বিপ্লৱেৰে সোণালী জয়ন্তী গৰকা অসম আৰু মেঘালয় ৰাজ্যৰ সীমামূৰীয়া চৰকপাৰা গাঁৱৰ মনোমোহন ৰাভা,অক্টোৱৰ মাহত চি এম এল টাটা ট্ৰাষ্ট নামৰ ব্যক্তিগত সংস্থাৰ মহিলা খেতিয়ক বৰ্ণালী বৈদ্য, নৱেম্বৰ মাহত কথক শিল্পী মিনু দাস আৰু ডিচেম্বৰ মাহত দেশৰ লগতে বিদেশৰ মাটিতো ফুটবল খেলা খেলুৱৈ অক্ষয় ৰাভাক সজাই তুলিছে। উল্লেখযোগ্য যে ইংৰাজী ২০২৪ চনৰ পৰা বিশেষ দিনপঞ্জী ‘শিপা’ প্ৰকাশ কৰি আহিছে। ২০২৪ চনৰ ইংৰাজী আৰু অসমীয়া নৱবৰ্ষৰ দিনপঞ্জীখন কামৰূপ, গোৱালপাৰা জিলাৰ লগতে ৰাজ্যখনৰ বহু কেইগৰাকী অখ্যাত প্ৰচাৰৰ আৰত লুকাই থকা প্ৰতিভাবানৰ কৰ্মলিপি সবিস্তাৰে প্ৰকাশিত হৈছে। ইংৰাজী ২০২৫ নৱবৰ্ষৰ দিনপঞ্জীখন ‘শিপা’ৰ তৃতীয় সংখ্যা। কামৰূপ জিলাৰ বকোৰ ‘ অসমীয়া প্ৰতিদিন’ কাকতৰ সংবাদিক দিগন্ত বৈদ্যৰ ‘শিপা’ শীৰ্ষক দিনপঞ্জীখন অতি কমদিনৰ ভিতৰতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

You might also like