নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰঃ দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্ব মোটামুটি শান্তিপূর্ণভাৱে সুসম্পন্ন হয় ধুবুৰীত। ধুবুৰীৰ চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত যোৱাকালি বিয়লিৰ পৰা আৰম্ভ হোৱা বিসৰ্জন পৰ্বৰ নিশা প্ৰায় ১০টা মানত সমাপণ ঘটে। ইপিনে বিসৰ্জনৰ পূৰ্বে ধুবুৰীত অনুষ্ঠিত হোৱা বিজয়া দশমীৰ সমদলটোৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি পুৱা প্ৰায় ৯ বজাৰ পৰাই চহৰখনৰ বিদ্যুৎ যোগান ধৰা বন্ধ কৰি দিয়ে এপিডিচিএলে। প্ৰায় ১৩ ঘন্টা পিছত দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্ব সমাপ্ত হোৱাৰ অন্তত নিশা ১০ বজা মানৰ পৰা পুনৰ ধুবুৰী চহৰত পুনৰ বিদ্যুৎ যোগান দিয়া পোৱা যায়। ফলত যোৱাকালি সন্ধিয়াৰ পৰা নিশা প্ৰায় ১০ বজালৈ অন্ধকাৰত বুৰ গৈ থাকে চহৰখন। অৱশ্যে ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ সমীপৰ বৰলুইতৰ বিসৰ্জনৰ ঘাটকে ধৰি কাষৰ পথচোৱাত প্ৰশাসনে জেনেৰেটেৰৰে লাইটৰ ব্যৱস্থা কৰে যদিও দীৰ্ঘ সময়ৰ পৰা বিদ্যুৎ কৰ্তন কৰা হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজ চৰম অসুবিধাত পৰা দেখা যায়। উল্লেখ্য যে, যোৱাকালি বিজয়া দশমীৰ দিনটো প্ৰশাসনে ড্ৰাইৰূপে ঘোষণা কৰিছিল। পিছে দিঠকত গৈ যোৱাকালি সুৰাপান কৰি দশমীৰ গইনা লৈ একাংশ যুৱকৰ চলা কাণ্ড-কাৰখানাই প্ৰশাসনৰ ড্ৰাই ডে’ৰ ঘোষণা দিঠকত গৈ অসাৰ প্ৰতিপন্ন কৰা বুলিয়েই আঙুলিয়াই দিছে বহুতেই। অৱশ্যে প্ৰশাসনৰ নিৰ্দেশ মানি চহৰখনৰ বিলাতী সুৰাৰ বিপণী সমূহ যোৱাকালি বন্ধ আছিল। কিন্তু চহৰখনৰ চুকে-কোণে থকা সুৰাৰ অবৈধ ঘাটিবোৰৰ পৰা সুৰাপায়ী সকলে অধিক মূল্যত অনায়াসে বিলাতী সুৰা সংগ্ৰহ কৰা বুলিয়েই প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী