বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ নগাঁৱৰ ভোটাইগাঁৱত থকা এটা নিৰ্মাণ সংস্থাত কৰ্মৰত এগৰাকী মহিলাক শাৰিৰীকভাবে অপদস্থ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বীৰ লাচিত সেনাই পিছত কাৰ্যালয়টোত উপস্থিত হৈ মহিলাগৰাকীক আক্ৰমণ কৰা বিষয়াজনক কাৰ্যালয়টোতে শাস্তি প্ৰদান কৰে ৷ লগতে বিষয়াজনক মহিলাগৰাকীক ক্ষমা খুজিবলৈ বাধ্য কৰে ৷ অভিযোগ মতে হায়দৰাবাদৰ বি এম কে প্ৰাইভেট লিমিটেড নামৰ নিৰ্মান প্ৰতিষ্ঠানটোত প্ৰশাসনিক সহায়ক হিচাপে কৰ্মৰত হৈ আছে এগৰাকী বিবাহিত মহিলা৷ স্থানীয় মহিলাগৰাকীক প্ৰতিষ্ঠানটোৰ গাণনিক বিষয়া আল্লাদ্বীপ ইৰা ভেংকটেশ্বৰে কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত হাতত ধৰি শাৰীৰিকভাবে প্ৰহাৰ কৰে৷ জানিব পৰা মতে কাৰ্যালয়টোত পুৱা ৯ বজাত উপস্থিত নহলে অনুপস্থিত বুলি গণ্য কৰে। কালি বিষয়াগৰাকী ১০ বজাত কাৰ্যলয়লৈ অহাত মহিলা কৰ্মচাৰীগৰাকীয়ে উপস্থিতিত বহীত অনুপস্থিতিৰ চিন দিয়ে। ইয়াতে ক্ষুন্ন হৈ বিষয়াগৰাকীয়ে মহিলা কৰ্মচাৰীগৰাকীক শাৰীৰিকভাবে অপদস্থ কৰে। এই আক্ৰমনৰ ঘটনাৰ পিছত মহিলা কৰ্মচাৰীগৰাকীয়ে বিষয়টো প্ৰতিষ্ঠানৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অবগত কৰে যদিও কোনো সুবিচাৰ লাভ নকৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ পিছত কৰ্মচাৰীগৰাকী বীৰ লাচিত সেনাৰ কাষ চাপে। মহিলা কৰ্মচাৰীগৰাকীৰ আভিযোগ পোৱাৰ পিছত আজি বীৰ লাচিত সেনাৰ এটা দল কাৰ্যালয়টোত উপস্থিত হয়৷ মহিলা কৰ্মচাৰীৰ নিৰাপত্তাৰ দাবী তুলি বিষয়াজনক কাৰ্যালয়ৰ ভিতৰতে শাস্তি প্ৰদান কৰে সংগঠনটোৱে৷
প্ৰেৰক কনক হাজৰিকা