নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত পাঞ্জাব নেচনেল বেংকৰ স্বচ্ছ ভাৰত অভিযান-বৃক্ষৰোপণ

নিয়মীয়া বাৰ্তা,  ১ অক্টোবৰ : ৰূপহীহাটৰ শিঙিমাৰী পাঞ্জাব নেচনেল বেংকৰ উদ্যোগত আজি দিনৰ ভাগত “স্বচ্ছ ভাৰত অভিযান” আৰু বৃক্ষৰোপণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰী পাঞ্জাব নেচনেল বেংকৰ উদ্যোগত আৰু শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহযোগত শিঙিমাৰীৰ বিভিন্ন প্ৰতিষ্ঠান আৰু বজাৰ এলেকাত “স্বচ্ছ ভাৰত অভিযান”ৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আজি দিনৰ ১১ বজাত চাফাই অভিযানেৰে কাৰ্যসূচীৰ পাতনি মেলাৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। দেশক স্বচ্ছতাৰ দিশত এখোজ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে শিঙিমাৰী পাঞ্জাব নেচনেল বেংকৰ শাখা পৰিচালক, বেংকৰ কৰ্মচাৰী, বিত্তীয় প্ৰতিষ্ঠানটোৰ অধীনত ১১গৰাকীকৈ বেংকৰ চিএছপিৰ স্বত্ত্বাধিকাৰী আৰু শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-কৰ্মচাৰীসকলেও এক ঘণ্টা এই কাৰ্যসূচীত সহায়-সহযোগিতা কৰে। শিঙিমাৰী বজাৰ এলেকাৰ প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানক প্ৰতিদিনাই চাফ-চিকুণ কৰি স্বচ্ছ ভাৰত গঢ়িবলৈ আহ্বান জনায় শিঙিমাৰী পাঞ্জাব নেচনেল বেংকৰ লগতে নগাঁও জিলা মহা শাখা প্ৰবন্ধক বিষয়া খুৰছিদ আলমৰ লগতে শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ইব্ৰাহিম আলীয়ে। শিঙিমাৰী পাঞ্জাব নেচনেল বেংকৰ এনে কাৰ্যসূচীৰ সচেতন মহলে শলাগ লৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like