🔹 পুৰীৰ শংকৰাচার্যৰ বিতর্কিত মন্তব্য
নিউজ ডেস্ক, ২৮ জুন : অসমৰ ব্রাহ্মণ সমাজক লৈ বিতর্কিত মন্তব্য আগবঢ়াইছে পুৰীৰ শংকৰাচার্যই৷ অসমৰ একাংশ ব্রাহ্মণে এসময়ত গো–মাংস ভক্ষণ কৰা বুলি বিতর্কিত মন্তব্য কৰি পুৰীৰ শংকৰাচার্য স্বামী নিছলানন্দ সৰস্বতীয়ে বিতর্কৰ মাজত সোমাই পৰিছে৷
সামাজিক মাধ্যম এক্সত প্রকাশ কৰা মতে, পুৰীৰ শংকৰাচার্যই অন্ধবিশ্বাসৰ বাবেই অসমৰ একাংশ ব্রাহ্মণে এসময়ত গো-মাংস ভক্ষণ কৰিছিল বুলি কয়৷ অৱশ্যে পাছলৈ এই কু–প্রথা বন্ধ হোৱা বুলিও কয় পুৰীৰ শংকৰাচার্যই৷
মন কৰিবলগীয়া যে অসমৰ ব্রাহ্মণ সমাজক লৈ বিতর্কিত মন্তব্য কৰা পুৰীৰ শংকৰাচার্যই ইয়াৰ পূর্বেও হিন্দু ধর্মক লৈ মন্তব্য কৰি বিতর্কত সাঙোৰ খাই পৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গো–মাংস নিষিদ্ধ কৰাৰ বিপৰীতে গো–মাংসৰ এজেণ্ট হৈ পৰা বুলি পূর্বে মন্তব্য কৰি পুৰীৰ শংকৰাচার্যই বিতর্কত সাঙোৰ খাইছিল৷ বিতর্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পুৰীৰ শংকৰাচার্যই এইবাৰ অসমৰ একাংশ ব্রাহ্মণে অতীতত গো–মাংস ভক্ষণ কৰা বুলি আন এক বিতর্কৰ সূত্রপাত ঘটাইছে৷ স্মর্তব্য যে বৈদিক যুগৰ লোকে গো–মাংস ভক্ষণ কৰা বুলিও বিভিন্ন সময়ত চর্চাৰ বিষয় হৈ আহিছে৷