নিয়মীয়া বাৰ্তা, ২৬ জুন: পানীৰ কোবাল সোঁতে কালি চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰৰ এটা গড়কাপ্টানী পথত থকা কালভাৰ্ট উটুৱাই নিয়াৰ পাছত আজি অন্য এটা ব্যস্ত গড়কাপ্টানী পথত পানীৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰিছে ।
একেটা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ৰুণিখাটা আৰক্ষী থানাৰ অধীনৰ উত্তৰ দক্ষিণ গাঁৱত ভূৰ তিনিআলি-বেংতল নগৰ সংযোগী গড়কাপ্টানী পথত জলসিঞ্চন বিভাগৰ নলাৰ পানী বাগৰি খহনীয়াৰ সৃষ্টি কৰে। নলা বাগৰি সৃষ্টি হোৱা পানীৰ কোবাল সোঁতে পথটোৰ অধিকাংশ খহাই পেলোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ।
অঞ্চলটোৰ প্ৰায় ২৪ হেক্টৰ বিঘা কৃষি ভূমিৰ খেতি সম্পূৰ্ণ ৰূপে নষ্ট হোৱা বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে । এনেদৰে নেৰানেপেৰা বৰষুণ দি থাকিলে জিলাখনত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে ।