নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয় পালেগৈ এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিনৰ শিক্ষাগত অৰ্হতাৰ গোচৰ

নিয়মীয়া বাৰ্তা, ১৩ মে : অৱশেষত উচ্চতম ন্যায়ালয় পালেগৈ এআইইউডিএফৰ সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা ওৰফে চাজুৰ শিক্ষাগত অৰ্হতাৰ গোচৰ৷ দুৰ্নীতি আৰু জালিয়তিৰ চৰ্দাৰ কৰিম উদ্দিনক আইনি মেৰপেঁচৰ পৰা বচাবলৈ  কংগ্ৰেছৰ জ্যেষ্ঠ আইনজীবী কপিল চিব্বাল, অভিষেক মন্যু, ফজল হুছেইন আয়োবিসহ কেবাজনো জ্যেষ্ঠ কংগ্ৰেছী নামি পৰিছে৷ কংগ্ৰেছ আৰু এআইইউডিফে অসমত সাপ নেউলৰ দৰে শত্ৰুতা দেখুৱালেও ৰাষ্ট্ৰীয় পৰ্যায়ত যে দল দুটা এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি, শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত কৰিম উদ্দিনৰ হৈ কপিল চিব্বালৰ দৰে কংগ্ৰেছী আইন জীবীয়ে ওকালতি কৰাত পুনৰ কংগ্ৰেছ আৰু AIUDFৰ দুমুখীয়া নীতি স্পষ্ট হৈছে৷ এই অভিযোগ সোণাইৰ প্ৰাক্তন বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ ৷ শনিবাৰে শিলচৰত অনুষ্ঠিত কৰা এটা সংবাদ মেলত কংগ্ৰেছ আৰু  AIUDFৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৰে আমিনুল হক লস্কৰে৷ উল্লেখ্য, ২০২১ চনত  কৰিম উদ্দিন বৰভুঞাই  নিৰ্বাচন আয়োগক দাখিল কৰা তেওঁৰ সকলো শিক্ষাগত অৰ্হতা আৰু নথি  জাল বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটি গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰক প্ৰত্যাহ্বান জনাই কৰিম উদ্দিনে উচ্চ ন্যায়লয়ত জনোৱা আবেদন খাৰিজ কৰি অহা ১৫ মে’ত সো শৰীৰে আদালতত হাজিৰ হৈ আমিনুল হক লস্কৰে তেওঁৰ বিৰুদ্ধে কৰা অভিযোগৰ উত্তৰ লিখিত ভাবে আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল কৰিম উদ্দিনক৷ ইয়াৰ পিচতে গুৱাহাটী উচ্চ ন্যায়ালয়ত লিখিত তথ্য দাখিল নকৰে বুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্হ হয় কৰিম উদ্দিনে৷ ইফালে, উচ্চ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণ হব নোৱাৰা কৰিম উদ্দিনে মিৰাটৰ চৌধুৰী চৰন সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱা বুলি অভিযোগ কৰে আমিনুলে ৷ কেৱল ইয়াতেই কৰিম উদ্দিনৰ জালিয়তি শেষ হোৱা নাই বুলি উল্লেখ কৰি আমিনুল হকে কয় যে, চৌধুৰী চৰন সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ উপৰি বিশ্ব বিদ্যালয়খনৰ এলুমিনি হিচাপেও নিজৰ নাম সংযোগ কৰে নিজৰ একাউন্টত৷ য’ ত এলুমিনি হিচাপে তেওৰ লগত ফটো সন্নিবিষ্ট কৰিছে মূৰুলী মনোহৰ যোশী, বিপিন ৰাৱত অৰুন গোভিল আদি মহান ব্যক্তিৰ ৷
প্ৰেৰক গৌতম তালুকদাৰ
You might also like