QUARANTINEত থকা লোক সকলৰ বাবে এটা সুখবৰ
নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে এটা সুখবৰ। অহা ৯ এপ্ৰিলত কোৱাৰেণ্টাইনত থকা ৭৫হাজাৰ লোক যাব পাৰিব নিজ গৃহলৈ। MMCH হাস্পতাল পৰিদৰ্শন কৰি এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম পৰ্যায়ত কোৱাৰেণ্টাইনত থকা এই লোকসকল ঘৰলৈ গ’লে আশা কৰ্মী তথা নাৰ্চসকলৰ ওপৰত থকা হেঁচা বহু পৰিমাণে হ্ৰাস পাব। গতিকে ১০ এপ্ৰিলত হোম কোৱাৰেণ্টাইনত থকা ৭৫ হাজাৰ লোক একেলগে মুকলি হৈ যাব। ই নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ বাবে এক ভালখবৰ বুলিও কয় মন্ত্ৰী ড০ শৰ্মাই।