খাৰুপেটীয়া কলেজ কোৱাৰেণ্টাইন কেন্দ্রত ৱালৰ ওপৰেৰে গুট্খা–চিগাৰেট–সুৰা যোগান
নিয়মীয়া বার্তা, ৪ জুনঃ দৰঙৰ খাৰুপেটীয়া কলেজত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্রত অত্যধিক ক’ভিড সংক্রমণৰ ৰহস্য বুধবাৰে ফাদিল কৰিছে দৰং আমছুৰ একাংশ কর্মীয়ে৷ আনকি সংগঠনটোৰ সদস্যই তেওঁলোকৰ দাবীৰ সমর্থনত এখন আলোকচিত্রও প্রকাশ কৰিছে৷ সংগঠনটোৱে কেইবাটাও কঠোৰ পদক্ষেপ দাবী কৰিছে৷
লক্ষণীয় যে মাত্র ৭২ ঘণ্টাত ১৪ জনকৈ আৱাসীৰ শৰীৰত ক’ভিড ধৰা পৰিছে দৰঙৰ খাৰুপেটীয়া কলেজত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্রত৷ তাত দৰঙৰ পূব–প্রান্তলৈ মুম্বাই, চেন্নাই, বাংগালুৰু, কেৰালাৰ ভিন্ন ৰাবাৰ বাগান অথবা কোম্পানীত কর্মৰত শ্রমিক তথা কলকাতা, মুম্বাইত মাদ্রাছা শিক্ষা লৈ থকা একাংশ আশ্রয় লৈ আহিছে৷ কিন্তু আশ্রিতসকলক গুটখাকে ধৰি বিভিন্ন নিচাজাতীয় দ্রব্য যোগান ধৰাৰ ভয়াৱহ কাণ্ড বুধবাৰে পোহৰলৈ আনিছে একাংশ আমছু কর্মীয়ে৷
কেন্দ্রটোৰ আৱাসীসকলৰ একাংশৰ প্রাপ্ত তথ্য অনুসৰি খাৰুপেটীয়া চহৰৰ নাতিদূৰৈত অৱস্থিত কেন্দ্রৰ আৱাসী একাংশক বাহিৰৰ পৰা গোপনে যোগান ধৰা হৈছে বিডি, চিগাৰেট, তামোল আনকি গুটখাসহ নিচাজাতীয় সামগ্রী৷ মূলতঃ বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকাসকলৰ এনে এক লেনদেনৰ আলোকচিত্র কালি পুৱাৰ ভাগতে সংখ্যালঘু ছাত্র সংগঠনৰ কর্মীয়ে আবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রটোৰ পূব আৰু পশ্চিম তথা উত্তৰ দিশত ৩খনকৈ গেট আছে আৰু ইয়াৰে দুখন এতিয়াও প্রায় মুক্ত হৈ আছে৷ অৱশ্যে পহৰাৰ ব্যৱস্থা থকাৰ মাজতো নিচাজাতীয় সামগ্রীৰ বাবে আৱাসীয়ে ফোনযোগে স্থানীয় কোনো পাণদোকানী অথবা আন যোগনিয়াৰৰ সৈতে যোগাযোগ কৰি আৱাসৰ কাষলৈ মাতি পঠিয়ায় আৰু বেৰৰ ওপৰেৰে হাতেৰে চুই এনে নিচাজাতীয় সামগ্রীৰ লেনদেন কৰি আহিছে৷ কেন্দ্রটো স্থাপনৰ পিছৰে পৰা এনেদৰে পৰীক্ষাত নকল যোগান ধৰাৰ লেখীয়াকৈ নিচাজাতীয় দ্রব্য যোগান ধৰি অহা হৈছে৷
বুধবাৰে আমছুৱে বিষয়টোত উদ্বিগ্ণতা প্রকাশ কৰি এনে যোগনিয়াৰক চিনাক্ত কৰি কোৱাৰেণ্টাইন নকৰিলে শীঘ্রেই দৰঙৰ পূব প্রান্তত গণ সমক্রমণ হ’ব বুলি আশংকা ব্যক্ত কৰিছে৷ আমচুৰ এই দাবী প্রশাসনে কিমান গুৰুত্বসহকাৰে লয় সেয়াহে হ’ব লক্ষণীয়৷ অৱশ্যে, দিনৰ পৰিৱর্তে নিশা এনে সামগ্রীৰ যোগান অধিক চলে বুলি এক সূত্রই অভিযোগ কৰিছে, খাৰুপেটীয়া কলেজস্থ কোৱাৰেণ্টাইন কেন্দ্রত নিশা পানীয় বিধো লাভজনক দৰত বিক্রী হয়৷ তদুপৰি কেন্দ্রটোত সামাজিক দূৰত্ব ধোঁৱাচাঙত তুলি এনেবোৰ কাম–কাজ কৰি থকাৰ বাবে কেন্দ্রটোৰ ভিতৰৰ অধিকাংশ আৱাসীৰেই সংক্রমণ নিশ্চিত৷ আমছুৱে দাবী কৰি কয় যে তৎকালে যোগনিয়াৰ চিনাক্ত কৰি কোৱাৰেণ্টাইন নকৰিলে কেৱল ভিতৰ ভাগতে নহয়, বাহিৰতো গণসংক্রমণ ঘটিব৷