নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম মাজিকুছি জগন্নাথত জিলাভিত্তিক কুইজ প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা,  ১৬ জানুৱাৰী : শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক ন্যাসৰ উদ্যোগত পশ্চিম মাজিকুছি জগন্নাথ হাইস্কুল প্ৰাংগণত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰাইজমানী কুইজ প্ৰতিযোগিতা এখন আজি অনুষ্ঠিত হয় । জিলা ভিত্তিত (ওদালগুৰি) অনুষ্ঠিত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সংবাদকৰ্মী ধীৰেন মহলীয়াই । জিলাখনৰ ভালেকেইটা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত কলাগুৰু জাতীয় বিদ্যালয়, ঝাৰগাঁৱৰ বিদ্যাৰ্থী ভৈৰৱী শৰণীয়া, জাচমী শৰণীয়া আৰু টিনা শৰণীয়াই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় । আনহাতে, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী জান দাস আৰু নিৰিকা শৰণীয়াই দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে তৃতীয় স্থান লাভ কৰে কলাগুৰু জাতীয় বিদ্যালয়, ঝাৰগাঁৱৰ বিদ্যাৰ্থী ধৰিত্ৰী শৰণীয়া, হিমাশ্ৰী শৰণীয়া আৰু কংকী শৰণীয়াই । প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত বঁটা লাভ কৰা প্ৰতিযোগীসকলক আনুষ্ঠানিকভাৱে মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয় । ন্যাসৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত পশ্চিম মাজিকুছি জগন্নাথ হাইস্কুলৰ প্ৰধান শিক্ষক বুদ্ধি ৰাম কাকতি, শিক্ষক শান্তি ৰাম ডেকা, বৰ্মন মান্দাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদুম বৰ্মন, সংবাদ কৰ্মী দ্বীপেন ডেকা, ন্যাসৰ উপ-সভাপতি অৰূপ শৰণীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ এই কুইজ প্ৰতিযোগিতাৰ কুইজ মাষ্টাৰ আছিল শিক্ষক পৰশু ডেকা আৰু বাবুল শৰণীয়া ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like