নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন সুন্দৰ শান্তিপূৰ্ণ বিকশিত অসমৰ ছবি উজলি উঠিছে৷ এই মন্তব্য ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ৷ আজি ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ ৩৩নং কুলচী পৰিষদীয় সমষ্টিৰ লোহাৰঘাটত আয়োজিত এখন নিৰ্বাচনী সভাত পৰিষদৰ মুৰব্বী ৰাভাই পুনৰ কয় যে আজি NDA চৰকাৰৰ দিনত প্ৰতিটো জাতি জনগোষ্ঠীয়ে স্বাভিমানেৰে জীয়াই থাকিব পাৰিছে৷ গতিকে আমি ২০১২-১৩ চনৰ কংগ্ৰেছৰ সেই দুৰ্দিনলৈ উভতি নাযাওঁ ৷ কাৰণ কংগ্ৰেছ মানেই দুৰ্নীতি ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই অশান্তি সংঘাত ৷ তদুপৰি কংগ্ৰেছ দলটোৰ নেতৃত্বৰ লগতে পৰিষদীয় সমষ্টিটোৰ কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকীৰ প্ৰসংগ উত্থাপন কৰি ক্ষুৰধাৰ সমালোচনা কৰে মুখ্য কাৰ্যবাহী সদস্য ৰাভাই৷ তেনেক্ষেত্ৰত উন্নয়নৰ হেতু ৰশ্মি ৰাভাক টিভিৰ ছবিত ভোট প্ৰদান কৰিবলৈ আহ্বান ৰাইজক আহ্বান জনাই তেওঁ৷ লক্ষণীয়ভাৱে পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩৩ নং কুলচী পৰিষদীয় সমষ্টিটো কংগ্ৰেছ মুক্ত পৰিষদ গঠনৰ সংকল্পৰে অব্যাহত ৰখা অভিযানে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছে । উল্লেখনীয় যে সমষ্টিটোৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী ৰশ্মি বালা ৰাভাৰ প্ৰচাৰৰ বাবে প্ৰফুল্ল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আৰছু নেতা দেৱজিত নাফা, অশোক নংবাগ, সুভাষ চিনাল, সমষ্টিটোৰ প্ৰাক্তন পাৰিষদ দিলীপ কুমাৰ ৰাভাকে ধৰি কেইবাগৰাকীও বক্তাই ৰাভা হাছঙৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত টিভিৰ চিহ্নত ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনাই ৷ সভাখনত ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মীৰ উপৰি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল৷
প্ৰেৰক নুৰুল ইছলাম