নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালী কাণ্ডৰ ৯ আগষ্টতে ভিজিলেঞ্চক অভিযোগ ৰবিউলৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ বজালীৰ ধন দাবী কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। আৰক্ষীক লজ্জানত কৰি আৰক্ষীয়ে ধনদাবী কৰা ঘটনাক লৈ সৰ্বত্ৰ অব্যাহত আছে প্ৰতিক্ৰিয়া। শেহতীয়া তথ্য অনুসৰি ৯ আগষ্টতেই দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিছিল ৰবিউলে। সমগ্ৰ তথ্য পাতি সহ অভিযোগ দিছিল ৰবিউলে। দুৰ্নীতি নিবাৰক শাখাৰ জালত নপৰাৰ বাবে গোচৰটো পিছত লয় চিআইডিয়ে। আনহাতে ৩১ আগষ্টত ১১টা ধাৰা সন্নিবিষ্ট কৰি চি আই ডিয়ে 14/23 নম্বৰৰ গোচৰটো ৰুজু কৰে। ধন দাবীৰ অভিযোগ পোৱাৰ পিছত গোচৰটোত আন কেইবাটাও ধাৰা সংযোজন কৰা হৈছিল। এতিয়ালৈকে বজালী জিলাৰ SP, ASP, DSP, IC, গাড়ীচালক হোমগাৰ্ড সহ দহজনক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত কিশোৰ বৰুৱা আৰু চহিদুল ইছলামে দালালি কৰিছিল। ঘটনা মতে প্ৰথমে ড্ৰাগছ বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল। কিন্তু ড্ৰাগছ নাপায় ঘৰৰ পৰা উঠাই লৈ আহিছিল ৰবিউলক। দুখন চেকত লৈছিল ২ কোটি দহ লাখ আৰু ২১খন উকা চেক লৈছিল। এখন চেকত ১ কোটি ৫০ লাখ আৰু এখন চেকত ৬০ লাখ টকা। ৰবিউলৰ মাতৃৰ নামত থকা চেকত লৈছিল ধনখিনি। দহ লাখ নগদ ধন আৰু ষ্টেট বেংকৰ চেক, মোবাইল ফোন, দুটাকৈ আইফোন, চেক পাত লৈ এৰি দিছিল ৰবিউলক। এতিয়ালৈকে আৰক্ষীয়ে প্ৰায় ৬৫ লাখ টকা উদ্ধাৰ কৰিছে। সেই টকা কৰ কৰ আছিল সেই বিষয়ে অনুসন্ধান অব্যাহত আছে। ৰবিউলক মাৰ ধৰ কৰা, টকা বিচৰা আদি সকলো কাম কৰিছিল গৃহৰক্ষী যোৱান দ্বীপজয় আৰু নবিৰ আহমেদে। কিশোৰ বৰুৱাই ড্ৰাগছ থকাৰ তথ্য দিছিল আৰক্ষীক। জেৰাত অভিযুক্তই স্বীকাৰ কৰিছে এজন প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ নাম। দালাল কিশোৰ বৰুৱাই স্বীকাৰ কৰিছে CIDৰ জেৰাত। তদন্তৰ খাতিৰত নাম উল্লেখ কৰিব বিচৰা নাই শীৰ্ষ আৰক্ষীয়ে। National forensic institution, গুজৰাটৰ পৰা অহা বিশেষজ্ঞই জেৰা কৰিছে অভিযুক্তকেইজনক। এতিয়া মাথোঁ অপেক্ষা কৰা হৈছে প্ৰতিবেদনলৈ। প্ৰথমবাৰলৈ অসম আৰক্ষীয়ে জেৰাৰ বাবে সহায় লৈছে ফৰেন্সিক বিশেষজ্ঞৰ।

You might also like