নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় লিংগৰ ব্যক্তি ইমদাদুৰ হত্যাকাণ্ড : ৰাধা কিন্নৰক আটক

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : শনিবাৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ সমীপত উদ্ধাৰ হৈছিল জুৰীয়াৰ ইমদাদুৰ নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীৰ মৃতদেহ। মহানগৰীৰ চাঞ্চল্যকৰ তৃতীয় লিংগৰ ব্যক্তি ইমদাদুৰৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত চলাই ৰাধা কিন্নৰ নামৰ আন এগৰাকী তৃতীয় লিংগৰ ব্যক্তিক আটক কৰিছে। জখলাবন্ধাৰ পৰা মহানগৰ আৰক্ষীয়ে আটক কৰে অভিযুক্ত ৰাধা কিন্নৰক। ইমদাদুৰৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল ৰাধা কিন্নৰৰ বিৰুদ্ধে। উল্লেখ্য যে গুৱাহাটীত বহুদিন ধৰি তৃতীয় লিংগৰ বেশভূষা ধৰি ভুৱা পৰিচয় দি আছিল ইমদাদুৰে। ইতিমধ্যে আৰক্ষীৰ হাতত আহি পৰিছে ইমদাদুৰৰ মৃতদেহ পেলাই দিয়াৰ চি চি টিভি ফুটেজ। স্কুটীত অহা দুজন ব্যক্তিয়ে বস্তাই ভৰাই মৃতদেহ পেলাই দিছিল। ইমদাদুৰৰ হত্যাকাণ্ড সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে জখলাবন্ধাৰ পৰা আটক কৰে ৰাধা কিন্নৰক। পিছত নিশাই চানমাৰি থানালৈ লৈ অনা হয় ৰাধা কিন্নৰক।  চানমাৰি থানাত সোধা-পোছা চলাই থকা হৈছে ৰাধা কিন্নৰক। নগাঁৱৰ চলচলিত ভাৰাঘৰত থাকে ৰাধা কিন্নৰ।

You might also like