নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাফেলৰ বেজ ডিজাইনাৰ বাসুগাঁৱৰ বস্ত্র ব্যৱসায়ীৰ পুত্র

২২ বছৰীয়া সৌৰভ চোৰাডিয়াৰ অনন্য কৃতিত্ব

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ   ভাৰতীয় বায়ুসেনাৰ বহুচর্চিত ৰাফেল যুদ্ধ বিমানৰ সৈতে চর্চালৈ আহিছে চিৰাং জিলাৰ বাসুগাঁৱৰ এজন প্রতিভাৱান যুৱকৰ নাম৷ সৌৰভ চোৰাডিয়া নামৰ ২২ বছৰীয়া যুৱকজনে সম্প্রতি ভাৰতীয় বায়ুসেনাৰ বহুচর্চিত ৰাফেল যুদ্ধ বিমানৰ বাবে বেজ ডিজাইন কৰি সর্বভাৰতীয় সংবাদ মাধ্যমত চর্চাৰ মধ্যমণি হৈ পৰিছে৷ মাত্র ২২ বছৰীয়া প্রতিভাৱান যুৱক সৌৰভ চোৰাডিয়াই ইয়াৰ আগতেও ভাৰতীয় বায়ুসেনাৰ বিভিন্ন ধৰণৰ যুদ্ধ বিমানৰ বাবে বেজ ডিজাইন কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল৷ বাসুগাঁও চহৰৰ কাপোৰৰ ব্যৱসায়ী মনোজ চোৰাডিয়া আৰু সৰোজ চোৰাডিয়াৰ কনিষ্ঠ পুত্র সৌৰভ চোৰাডিয়াৰ এই সফলতাক কেন্দ্র কৰি আজি বাসুগাঁৱৰ ঘৰত এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে৷ জানিব পৰা মতে হাইস্কুলত পঢ়ি থকা সময়ৰে পৰা লক্ষ্য আছিল ভাৰতীয় বায়ুসেনাত যোগদান কৰাৰ৷ কিন্তু চকুৰ সমস্যাৰ কাৰণে সেই সপোন সম্ভৱ নহ’ল যদিও আজি ভাৰতীয় বায়ুসেনাৰ বিভিন্ন যুদ্ধ বিমানৰ বাবে বেজ ডিজাইন কৰি বায়ুসেনাৰ অংশীদাৰ হৈ দেশৰ সেৱা কৰিব পাৰিছে, তাৰ বাবে গর্ব অনুভৱ কৰে৷ চিৰাঙৰ বাসুগাঁৱৰ নিচিনা সৰু চহৰৰ এজন ক্ষুদ্র কাপোৰৰ ব্যৱসায়ীৰ পুত্র সৌৰভ চোৰাডিয়াই কোনো আনুষ্ঠানিক প্রশিক্ষণ নোলোৱাকৈ কেনেকৈ ভাৰতীয় বায়ুসেনাৰ বাবে বেজ ডিজাইন কৰিলে, এই প্রসংগত সৌৰভে কয় যে হাইস্কুলত পঢ়ি থকা সময়ৰে পৰা যুদ্ধ বিমানৰ ভিডি’ গেম খেলি ভাল পাইছিল, সেই ভিডি’ গেমৰ পৰাই দেখি দেখি পৰৱর্তী সময়ত নিজাববীয়াকৈ বেজ ডিজাইন কৰিবলৈ আৰম্ভ কৰে৷ পাছলৈ হলীউডৰ চিনেমাৰ পৰা অনুপ্রাণিত হৈ সৌৰভে ভাৰতীয় বায়ুসেনাৰ বিভিন্ন যুদ্ধ বিমানৰ বেজ নির্মাণ কৰিবলৈ আৰম্ভ কৰে৷ পৰৱর্তী সময়ত সৌৰভে ভাৰতীয় বায়ুসেনাৰ বিভিন্ন যুদ্ধ বিমানৰ বাবে বেজ ডিজাইন কৰিছে৷ শেহতীয়াকৈ ৰাফেল যুদ্ধ বিমানৰ বাবে বেজ ডিজাইন কৰি ৰাষ্ট্রীয় পর্যায়ত চর্চা লাভ কৰিবলৈ সক্ষম হৈছে৷ কিছুদিন আগতে দেশৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ফ্রান্সত গৈ যি বায়ুসেনাৰ পোছাক পৰিধান কৰি ৰাফেল যুদ্ধ বিমানত উঠিছিল, সেই পোছাকত থকা বেজটোৰ ডিজাইনাৰ আছিল সৌৰভ চোৰাডিয়া৷

You might also like