নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াৰ ইছলামপুৰৰ ৰফিকুল ইছলাম সন্ধানহীন

🔹 পাঁচ দিন পূৰ্বে সহধৰ্মিণীলৈ WHATSAPPযোগে পঠিয়াইছিল ৰহস্যজনক বাৰ্তা

🔹 মানসিকভাৱে ভাগি পৰিছে পত্নী-পৰিয়াল

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অধীনস্থ ইছলামপুৰ গাঁৱৰ ৩৩ বছৰীয়া যুৱক ৰফিকুল ইছলাম ওৰফে নীলচান বিগত ২৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে, ২৫ আগষ্ট অৰ্থাৎ দেওবাৰৰ দিনা দিনৰ ভাগত গুৱাহাটীৰ গড়চুকলৈ নিজৰ কিছু কাম থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰি ঘৰৰ পৰা ওলাই গৈছিল ৰফিকুল ওৰফে নীলচান । কিন্তু ঘৰৰ পৰা ওলাই যোৱা ৰফিকুল ইছলামে পাঁচ দিন পূৰ্বে নিজৰ সহধৰ্মিণীক WHATSAPPযোগে ৰফিকুল ইছলাম বহু সমস্যা আৰু অসহায় অৱস্থাত থকা বুলি এক ৰহস্যজনক বাৰ্তা প্ৰেৰণ কৰে। তাৰ পিছতেই ৰফিকুল ইছলামৰ মোবাইল ফোনটো বন্ধ হৈ আছে। ইফালে, ফোন অফ হোৱাৰ পিছৰে পৰাই ৰফিকুলৰ সৈতে যোগসূত্ৰ স্থাপন কৰিব নোৱাৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুটি কন্যা সন্তানৰ পিতৃ ৰফিকুল ইছলাম সন্ধানহীন হোৱাত সম্প্ৰতি পত্নী আৰু আত্মীয় মানসিকভাৱে ভাগি পৰিছে। সমান্তৰালকৈ ওচৰ-চুবুৰীয়াও চিন্তিত হৈ পৰিছে। বিবাহিত যুৱকগৰাকী নিৰুদ্দিষ্ট হোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ সকলো প্ৰান্তত খা-খবৰ কৰিছে যদিও অদ্যাপি যুৱকজনৰ কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই । অৱশ্যে যুৱকগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত অৱগত কৰিছে পৰিয়ালৰ লোকে । সেয়ে কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পালে পৰিয়ালৰ লোকৰ 6000383483 আৰু 9365779046 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

You might also like