মধুচন্দ্রিকালৈ গৈ মেঘালয়ত নৃশংস হত্যা-ৰ বলি ইন্দোৰৰ ৰাজা ৰঘুবংশী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুন : বিবাহৰ পাছত মধুচন্দ্রিকাৰ বাবে ইন্দোৰৰ ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীয়ে বাছনি কৰিছিল প্রকৃতিৰ অপৰূপ সৌন্দর্যৰে বিবাহৰ পাছত মধুচন্দ্রিকাৰ বাবে ইন্দোৰৰ ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীয়ে বাছনি কৰিছিল প্রকৃতিৰ অপৰূপ সৌন্দর্যৰে ভৰপূৰ মেঘালয়ক৷
পূর্ব নির্ধাৰিত সূচী মতেই নৱদম্পতীয়ে উত্তৰ–পূবৰ ৰাজ্যখনত উপস্থিতো হৈছিল৷ কিন্তু দাম্পত্য জীৱনৰ অযুত সপোন শেষ হৈ গ’ল মেঘালয়ৰ সেউজ পাহাৰৰ বুকুত৷ অচিন ঘাতকে অতি নৃশংসভাৱে হত্যা কৰিলে ৰাজা ৰঘুবংশীক৷ নৱপৰিণীতা সোনম ৰঘুবংশী যে জীয়াই আছে তাৰো কোনো নিশ্চয়তা নাই৷ যোৱা ২৩ মে’ত হঠাতে সন্ধানহীন হৈ পৰা ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহ কালি ৱেইছডং জলপ্রপাতৰ সমীপৰ এটা গিৰিখাটৰ পৰা উদ্ধাৰ কৰা হৈছে৷
সোনম ৰঘুবংশীৰ সন্ধানত অভিযান অব্যাহত ৰখা হয় যদিও উদ্ধাৰকাৰী দল এতিয়ালৈ সফল হ’ব পৰা নাই৷ পূব খাচি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ৰাজা ৰঘুবংশীক এখন দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হৈছে৷ হত্যাকাণ্ডত ব্যৱহূত দাখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে মৃতদেহৰ কাষত পৰি থকা অৱস্থাত৷
ঘটনা সন্দর্ভত হত্যাকাণ্ডৰ এটা গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে ভাৰাত লোৱা এখন স্কুটাৰেৰে যোৱা ২২ মে’ত পতি–পত্নী দুয়ো উপস্থিত হৈছিল মেঘালয়ৰ সাৱলাদিয়া গাঁৱত৷ ইয়াৰ পিছদিনা নোনগ্রিয়াত থকা শিপ্রা হোমষ্টেত চেক আউট কৰাৰ পৰা দুয়ো সন্ধানহীন হৈ পৰে৷ সেইদিনাই সোনম ৰঘুবংশীৰ সৈতে ফোনযোগে অন্তিমবাৰৰ বাবে বার্তালাপ কৰিছিল শাহুৱেকে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, সোনম ৰঘুবংশী ব্রতত আছিল৷ কিন্তু ট্রেকিঙলৈ যোৱাৰ পৰিপ্রেক্ষিতত তেওঁক কিবা খাদ্য গ্রহণ কৰিবলৈ পৰামর্শ দিছিল শাহুৱেকে৷ পিছে সোনম ৰঘুবংশীয়ে শাহুৱেকক স্পষ্টভাৱে কৈছিল যে ফুৰাৰ নামত ব্রত ভংগ কৰিম নেকি?
ট্রেকিং কৰাৰ বাবে সোনম ৰঘুবংশীৰ শ্বাসকষ্ট হৈছিল৷ যাৰ বাবে পিছত শাহুৱেকক ফোন কৰাৰ কথা কৈ তেওঁ সংযোগ বিচ্ছন্ন কৰিছিল৷ ইতিমধ্যে পৰিয়ালৰ লোকে সেই ফোনকলটোৰ ৰেকর্ডিং আৰক্ষীক জমা দিছে৷ মন কৰিবলগীয়া যে যোৱা ২৪ মে’ত শ্বিলং–চোহৰা পথৰ এখন কেফেৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল তেওঁলোকে ভাৰাত লোৱা স্কুটাৰখন৷ ইফালে কালি যি স্থানত ৰাজা ৰঘুবংশীৰ মৃতদেহটো উদ্ধাৰ হৈছিল তাত পোৱা গৈছে এটা ম’বাইল ফোন, এটা স্মার্ট ঘড়ী, মহিলাৰ এটা বগা ছার্ট আৰু ঔষধ৷ কিন্তু ৰাজা ৰঘুবংশীৰ সোণৰ অলংকাৰ, মানীবেগ আৰু ম’বাইল ফোনটো পোৱা হোৱা নাই৷
সেই দিশৰ পৰা এয়া ডকাইতি কার্য আৰু ডকাইতে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ সন্দেহ কৰিব পাৰি৷ মৃতদেহৰ টাটু কৰাই লোৱা নিজৰ নামটোৰ জৰিয়তে ৰাজা ৰঘুবংশীৰ বুলি চিনাক্ত কৰা হৈছে৷ সমগ্র ঘটনাটোৰ তদন্তৰ বাবে মেঘালয়ৰ আৰক্ষীয়ে এটা ৬জনীয়া এছআইটি গঠন কৰিছে৷ তাৰ সমান্তৰালভাৱে এনডিআৰএফৰ এটা ১৭জনীয়া দলে সোনম ৰঘুবংশীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ এই অভিযানত ব্যৱহাৰ কৰা হৈছে ড্রোন৷ কিন্তু প্রতিকূল বতৰে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে৷ ইফালে ৰাজা ৰঘুবংশীৰ পৰিয়ালে ঘটনাৰ চিবিআই তদন্তৰ দাবী কৰিছে৷ তেওঁলোকৰ দাবী– হত্যাকাণ্ডত হোটেলৰ কর্মচাৰী, গাইড আৰু স্কুটাৰ ভাৰাত দিয়া এজেঞ্চীৰ লোক জড়িত থাকিব পাৰে৷